নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সভাপতিত্ব কৰিব । এই বৈঠকতে দেশৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি, মহামাৰী ক'ভিডৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ সংক্ৰমণৰ পাচত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এইখনেই প্ৰথম বৈঠক অনুষ্ঠিত হ'ব । পুৱা ১১ বজাত ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব এই বৈঠক ।
ইয়াৰ পূৰ্বে, মোডীয়ে দেশৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰে কেইবাখনো বৈঠক অনুষ্ঠিত কৰে । উল্লেখ্য যে, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৬৪৫ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ২,৬৯,৫০৭ জন সুস্থ হোৱাৰ লগতে ৩,৭৯,২৫৭ জন লোক নতুনকৈ মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ভাৰতত এতিয়ালৈ মুঠ ৩০,৮৪,৮১৪ টা ঘটনা সক্ৰিয় হৈ আছে । বৰ্তমানলৈকে কৰ'ণাত আত্ৰান্ত লোকৰ সংখ্যা ১,৮৩,৭৬,৫২৪ লৈ বৃদ্ধি পাইছে ।