নিউজ ডেস্ক, ২৯ জানুৱাৰী: ৩১ জানুৱাৰীত স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ মিছনৰ মাহিলী পত্ৰিকা 'প্ৰবুদ্ধ ভাৰত'ৰ ১২৫ তম বাৰ্ষিক উদযাপন কৰা হ'ব । এই বাৰ্ষিকী উদযাপনত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । উত্তৰাখণ্ডৰ মায়াৱতী অদ্বৈত আশ্ৰমৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজন কৰা হ'ব ।
উল্লেখ্য যে, ১৮৯৬ চনত চেন্নাইৰ পৰা 'প্ৰবুদ্ধ ভাৰত' পত্ৰিকাৰ প্ৰকাশন আৰম্ভ কৰা হৈছিল । পৰৱৰ্তী সময়ত ইয়াৰ আলমোৰাৰ পৰা প্ৰকাশ কৰা হৈছিল । ভাৰতৰ প্ৰাচীন আধ্যাত্মিক জ্ঞানৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই পত্ৰিকাখন এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে চিহ্নিত কৰা হয় ।