অসম

assam

ETV Bharat / bharat

EAM Jaishankar London visit : ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত ডাউনিং ষ্ট্ৰীটত সপত্নীক বৈদেশিক মন্ত্ৰী জয়শংকৰ - EAM Jaishankar Diwali tea with UK PM

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ সৈতে ডাউনিং ষ্ট্ৰীটত দীপাৱলী বিশেষ চাহত অংশগ্ৰহণ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পত্নী কিয়োকো জয়শংকৰৰ । ব্ৰিটিছ প্ৰধানমন্ত্ৰীক আতিথ্যক লৈ আনন্দিত ভাৰতৰ মন্ত্ৰীগৰাকী ।

EAM Jaishankar London visit
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত ডাউনিং ষ্ট্ৰীটত সপত্নীক বৈদেশিক মন্ত্ৰী জয়শংকৰ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:29 AM IST

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ :ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে দেওবাৰে ডাউনিং ষ্ট্ৰীটত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পত্নী কিয়োকো জয়শংকৰক দীপাৱলী বিশেষ চাহৰ বাবে নিমন্ত্ৰণ জনায় । জয়শংকৰে প্ৰধানমন্ত্ৰী সুনক আৰু তেওঁৰ পত্নীক তেওঁলোকৰ উষ্ম অভ্যৰ্থনা আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই আতিথ্যক লৈ আনন্দ প্ৰকাশ কৰে । ভাৰত আৰু ব্ৰিটেইনে সমসাময়িক সময়ৰ বাবে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ৫ দিনীয়া কাৰ্যসূচীৰে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিছে । লণ্ডন ভ্ৰমণৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰা । মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ পোষ্টত সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ লগতে আশা প্ৰকাশ কৰে যে এই পোহৰৰ উৎসৱে সকলোৰে বাবে শান্তি, সমৃদ্ধি কঢ়িয়াই আনিব ।

ব্ৰিটেইন ভ্ৰমণৰ অংশ হিচাপে মন্ত্ৰী জয়শংকৰে লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু সোমবাৰে লণ্ডনত ভাৰতীয় উচ্চ আয়োগে আয়োজন কৰা দীপাৱালীৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । তেওঁ উত্তৰ প্ৰদেশৰ পৰা দুটা প্ৰাচীন মন্দিৰৰ ভাস্কৰ্যৰ প্ৰত্যাৱৰ্তন অনুষ্ঠানত অংশ লোৱাৰ লগতে 'এক বিলিয়ন মানুহে পৃথিৱীখন কেনেদৰে লক্ষ্য কৰে' বিষয়বস্তুৰ ওপৰত এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব ।

লণ্ডনত তেওঁ ব্ৰিটেইনৰ বৈদেশিক সচিব জেমছ ক্লেভাৰলিৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আশা কৰে যে অহা কেইমাহমানৰ ভিতৰত সুনকে সম্ভাৱ্য ভাৰত ভ্ৰমণ কৰিব । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা সপ্তাহত এক বিবৃতিত কয় যে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধি পাইছে ।

ভাৰত আৰু ব্ৰিটেইনে যোৱা বছৰৰ পৰা এক মুক্ত বাণিজ্য চুক্তিৰ আলোচনা কৰি আহিছে যাৰ লক্ষ্য হৈছে আনুমানিক জিবিপি ৩৬ বিলিয়ন দ্বিপাক্ষিক বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি কৰা । এই সন্দৰ্ভত ১৩ টা পৰ্যায়ৰ আলোচনা হৈছে । ২০২৪ চনত নিৰ্ধাৰিত দুয়োখন দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই চুক্তি স্বাক্ষৰ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :French national cremated as per Hindu rituals : প্ৰথমবাৰৰ বাবে কাশীত হিন্দু ৰীতি-নীতি অনুসৰি সৎকাৰ ফৰাচী নাগৰিকক

ABOUT THE AUTHOR

...view details