নেশ্যনেল ডেস্ক,৪ এপ্ৰিল: দেশত শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আৰম্ভ হৈছে কৰ'ণাৰ দ্বিতীয়টো ঢৌ ৷ প্ৰায় ৮৫ শতাংশ নতুনকৈ কৰ'ণা ভাইৰাছৰ ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ আঠখন ৰাজ্যত ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'ভিড-১৯ সম্বন্ধীয় আৰু টীকাকৰণ সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰে এক বৈঠকত মিলিত হয় ।
সূত্ৰ অনুসৰি, দেশত শেহতীয়াকৈ কৰ'ণাৰ দ্বিতীয়টো ঢৌ আৰু টীকাকৰণ প্ৰদানৰ সমীক্ষাৰ পৰ্যালোচনা কৰিবলৈ কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু স্বাস্থ্য সচিবকে ধৰি সকলো জ্যেষ্ঠ বিষয়াৰে এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছে ।