অসম

assam

ETV Bharat / bharat

Fear of ’INDIA’ block: ইণ্ডিয়াৰ নহয় ! ভাৰতৰহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি নৰেন্দ্ৰ মোদীয়ে নিজকে সম্বোধন কৰিলে ৰাষ্ট্ৰপতিলৈ পঠোৱা নিমন্ত্ৰণী পত্ৰত ৷ 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ পাঁচ দিনীয়া বিশেষ অধিৱেশনৰ সময়ত দেশৰ নাম সলনিৰ বিষয়টো আহিব পাৰে বুলি অব্যাহত জল্পনা-কল্পনাক অধিক ইন্ধন যোগাইছে এই কাণ্ডই ।

Fear of ’INDIA’ block
বিৰোধী মিত্ৰজোঁট ’INDIA’ লৈ ভয় বিজেপিৰ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:08 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ:বিৰোধী ঐক্য I.N.D.I.A. ৰ ভয়ত যেন ত্ৰস্তমান হৈ পৰা পৰিলক্ষিত হৈছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৷ বুধবাৰৰ সন্ধিয়া ইণ্ডোনেছিয়ালৈ ৰাওনা হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ মঙলবাৰে সন্ধিয়া বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সন্দৰ্ভত শ্বেয়াৰ কৰে এক আনুষ্ঠানিক তথ্য শ্বেয়াৰ কৰে ৷ অৱশ্যে আনুষ্ঠানিক তথ্যত ইণ্ডিয়াৰ পৰিৱৰ্তে “ভাৰতৰ প্ৰধানমন্ত্ৰী” বুলিহে উল্লেখ কৰা পৰিলক্ষিত হৈছে মোদীক, যি কথাই সম্ৰ্ৰতি ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ।

20 সংখ্যক আছিয়ান-ভাৰত সন্মিলন আৰু 18 সংখ্যক পূৱ এছিয়া সন্মিলনত অংশগ্ৰহণৰ বাবে বুধবাৰে নিশা ইণ্ডোনেছিয়ালৈ মোদীয়ে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে । হ’বলগীয়া G 20 সন্মিলনত 9 ছেপ্টেম্বৰৰ নৈশ আহাৰৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক নিমন্ত্ৰণ জনোৱা পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে ইণ্ডিয়াৰ পৰিৱৰ্তে "ভাৰতৰ প্ৰধানমন্ত্ৰী" বুলি উল্লেখ কৰে ৷ এই পত্ৰখন পোহৰলৈ অহাৰ পিচতে বিৰোধী দলসমূহে শাসকীয় NDA চৰকাৰে দেশৰ নাম সলাবলৈও পৰিকল্পনা কৰিছে বুলি গুৰুতৰ অভিযোগ তোলে ।

এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে দলটোক কটাক্ষ কৰি Xযোগে লিখিছে, "চোৱাচোন মোদী চৰকাৰ কিমান বিভ্ৰান্তিত ! ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব 20 সংখ্যক আছিয়ান-ভাৰত সন্মিলনত । বিৰোধী ঐক্যৱদ্ধ হোৱা তথা বিৰোধী ঐক্যৰ নাম I.N.D.I.A. হোৱাৰ বাবেই দলটোৱে এই সকলোবোৰ নাটক কৰিছে" ৷

সাধাৰণতে ইংৰাজীত দেশখনক India বুলি কোৱা হয় । ৰাষ্ট্ৰপতি ভৱনৰ এই পদক্ষেপক বিজেপিৰ জ্যেষ্ঠ নেতা-মন্ত্ৰীসকলে উল্লাস কৰিছে আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে দেশখন যিহেতু ভাৰত গতিকে "ভাৰতৰ ৰাষ্ট্ৰপতি" বুলি ব্যৱহাৰ কৰাত কি সমস্যা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ।

এই পদক্ষেপে 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ পাঁচ দিনীয়া বিশেষ অধিৱেশনৰ সময়ত দেশৰ নাম সলনিৰ বিষয়টো আহিব পাৰে বুলিও জল্পনা-কল্পনাক আৰু অধিক ইন্ধন যোগোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:Rahul Gandhi Europe Tour: সপ্তাহজোৰা ইউৰোপ ভ্ৰমণলৈ ৰাওনা ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details