আগৰতলা, ২০ জুন : দেশৰ ভিতৰত পশ্চিমবংগ আৰু চুবুৰীয়া দেশৰ ভিতৰত বাংলাদেশ আমৰ বাবে বিখ্যাত (Mangoes of India)। বৰ্তমান আমৰ বতৰ । ফলৰ ৰজা আম এতিয়া বজাৰত উভৈনদী । বিশেষকৈ বংগ আৰু বাংলাদেশৰ বিভিন্ন প্ৰজাতিৰ উৎকৃষ্ট আমৰ চাহিদা বহুত । এই আমবোৰে সদায় গ্ৰাহকক আকৃষ্ট কৰি আহিছে । আনহাতে, বাংলাদেশ-ভাৰতৰ মাজত আমৰ আদান-প্ৰদান এক পৰম্পৰা বুলিব পাৰি । নিজ নিজ দেশৰ উৎকৃষ্ট প্ৰজাতিৰ আম দুয়োখন দেশৰ সন্মানীয় ব্যক্তিসকলক উপহাৰ হিচাপে প্ৰদান কৰি অহা হৈছে (Mangoes gifted to the reknown persons)। এইবাৰ তেনে এক উৎকৃষ্ট প্ৰজাতিৰ আম বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে উপহাৰ হিচাবে পঠালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীলৈ (Bangladesh PM gifted Mangoes to Tripura CM)।
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Bangladesh Prime Minister Sheikh Hasina) আম্ৰপালি প্ৰজাতিৰ আম উপহাৰ হিচাবে পঠাইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ । ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ মাণিক সাহাৰ (Tripura Chief Minister Dr. Manik Saha) লগতে ৰাজ্যখনৰ জ্যেষ্ঠ মুক্তিযোদ্ধাসকলৰ নামত প্ৰেৰণ কৰিছে উক্ত আমৰ উপহাৰ।