অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে কেতিয়াও ইন্ধনৰ মূল্যবৃদ্ধি, চীন আদি বিষয়ত মাত নামাতে : ওৱেইছি - প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ক সমালোচনা অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমীন(All India Majlis-e-Ittehadul Muslimeen)ৰ প্ৰধান আছাদুদ্দিন ওৱেইছি(Asaduddin Owaisi)ৰ । তেওঁ অভিযোগ উত্থাপন কৰে যে, ইন্ধনৰ মূল্য বৃদ্ধি, চীনৰ আগ্ৰাসন আদি প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য আগবঢ়োৱাৰ পৰা সদায় বিৰত থাকে ।

Asaduddin Owaisi on rising fuel prices
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা আছাদুদ্দিন ওৱেছিৰ

By

Published : Oct 19, 2021, 12:28 PM IST

নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ: এইবাৰ ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)লৈ লক্ষ্য কৰি বাক্যবাণ এৰিলে অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমীন(All India Majlis-e-Ittehadul Muslimeen)ৰ প্ৰধান আছাদুদ্দিন ওৱেইছি(Asaduddin Owaisi)য়ে । তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে কেতিয়াও দুটা বিষয়ত মন্তব্য প্ৰকাশ নকৰে । সেয়া হৈছে- পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু লাডাখত ভাৰতৰ ভূ-খণ্ডত চীনৰ আগ্ৰাসন । তেওঁ আনকি কয় যে, প্ৰধানমন্ত্ৰীয়ে চীনৰ বিষয়ত আলোচনা কৰিবলৈ ভয় কৰে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত শ্বহীদ হোৱা সেনা জোৱান সন্দৰ্ভত ওৱেইছিয়ে কয় যে, এফালে জম্মু-কাশ্মীৰত ভাৰতৰ ৯ জন সেনা জোৱান শ্বহীদ হ'ল আৰু আনফালে, ২৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত টী-২০ খেল অনুষ্ঠিত হ'ব । হায়দৰাবাদত এখন জনসভাত অংশ লৈ এই মন্তব্য কৰে আছাদুদ্দিন ওৱেইছিয়ে ।

দেওবাৰে একেৰাহে চতুৰ্থ দিনৰ বাবে সমগ্ৰ দেশত প্ৰতি লিটাৰ পেট্ৰ'লত ৩৫ পইচা বৃদ্ধি পায় । এই অনুসৰি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৫.৮৪ টকা । আনহাতে, দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৪.৫৭ টকা হৈছেগৈ ।

দেশৰ জোৱানে প্ৰাণ হেৰুওৱাৰ সময় কেনেকৈ পাকিস্তানৰ দলৰ সৈতে ক্ৰিকেট খেলিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, কাশ্মীৰত পাকিস্তানে প্ৰতিদিনে ভাৰতৰ সাধাৰণ লোকৰ জীৱনৰ সৈতে ২০-২০ খেলি আছে । কাশ্মীৰত সাধাৰণ নাগৰিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা প্ৰসংগ উত্থাপন কৰি ওৱেইছিয়ে কয় যে, এয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিফলতা । তেওঁ লগতে অভিযোগ তোলে যে, বিহাৰৰ দৰিদ্ৰ শ্ৰমিকসকলক হত্যা কৰা হৈছে ।

চোৰাংচোৱা সংস্থা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কি কৰি আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰু পুলৱামা জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বিহাৰৰ হকাৰ আৰু উত্তৰ প্ৰদেশৰ এজন শ্ৰমিক নিহত হয় । শেহতীয়াকৈ, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কেইবাজনো নাগৰিকক হত্যা কৰিছিল । এই ঘটনাত লৈ কেন্দ্ৰীয় শাসিত অঞ্চলটোত বাস কৰা লোকসকল আতংকিত হৈ পৰিছে ।

লগতে পঢ়ক: অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

ABOUT THE AUTHOR

...view details