নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ :আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিন । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীলৈ শুভেচ্ছা বাৰ্তা অহা দেখা গৈছে । তেওঁৰ অনুৰাগী তথা সমৰ্থকসকলে সামাজিক মাধ্যমত ব্যাপকভাৱে জন্মদিনৰ শুভেচ্ছা জনোৱা দেখা গৈছে । কেইবাজনো নেতাই প্ৰধানমন্ত্ৰীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছে । তেওঁক দীৰ্ঘায়ু আৰু সুস্থ স্বাস্থ্যৰ বাবে শুভেচ্ছা জনাইছে । একাংশই আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বিশেষ পূজা আগবঢ়াইছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনাইছে ।
এক্সত শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আৰু শক্তিশালী নেতৃত্বৰ দ্বাৰা 'অমৃত কাল'ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামগ্ৰিক বিকাশৰ পথ প্ৰশস্ত কৰিব বুলি আশাবাদী । গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক নতুন ভাৰতৰ স্থপতি হিচাপে প্ৰশংসা কৰে । শ্বাহে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰাচীন ঐতিহ্যৰ আধাৰত এক বিশাল আৰু স্বাৱলম্বী ভাৰতৰ এক শক্তিশালী ভেটি স্থাপন কৰিছে ।
তেওঁ কয় যে দলীয় সংগঠন হওক বা চৰকাৰ হওক তেওঁলোকে সদায় মোডীৰ পৰা ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোচ্চ হোৱাৰ অনুপ্ৰেৰণা পাই বুলিও তেওঁ উল্লেখ কৰে । এনে এক অনন্য নেতাৰ অধীনত দেশৰ সেৱা কৰাটো তেওঁৰ সৌভাগ্য বুলিও তেওঁ উল্লেখ কৰে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।