নেশ্যনেল ডেস্ক, 26 জানুৱাৰী :আজি দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ ৰাজ্যৰ লগতে ৰাজধানী দিল্লীটো আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী (Republic Day program from Delhi) ৷ য’ত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা ৷
দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থাৎ বৃহস্পতিবাৰে টুইটযোগে দেশবাসীক দেশৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে (PM’s message on Republic Day) । হিন্দী ভাষাত প্ৰধানমন্ত্ৰী মোডীৰ টুইটটোত তেওঁ কয়, ‘‘গণৰাজ্য দিৱসৰ বাবে সমগ্ৰ দেশবাসীক বহুত শুভেচ্ছা ।
এইবাৰ এই অনুষ্ঠানটোও বিশেষ ৷ কাৰণ আমি স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত উদযাপন কৰিছো (Republic Day on Amrit Mahotsav of Independence) । আমি একত্ৰিত হৈ মহান স্বাধীনতাৰ সপোনবোৰ গঢ়ি তুলিবলৈ আগবাঢ়ি যাব বিচাৰো’’ । তেওঁ আৰু উল্লেখ কৰে, ‘‘দেশৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব বিচাৰো’’ ।
লগতে পঢ়ক :74th Republic Day: সংবিধান প্ৰণেতাসকলৰ দৃষ্টিভংগীয়ে আমাৰ গণৰাজ্যক পথ প্ৰদৰ্শন কৰিছে: ৰাষ্ট্ৰপতি
ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও টুইটাৰযোগে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, "74 সংখ্যক গণৰাজ্য দিৱস (Republic Day 2023) উপলক্ষে সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা । আজি মই সেই সকলো স্বাধীনতা সংগ্ৰামী, সংবিধান নিৰ্মাতা আৰু সাহসী জোৱানক প্ৰণাম জনাইছো (India to move ahead unitedly) ৷ যিসকলে নিজৰ জীৱন উচৰ্গা কৰি মুক্ত, শক্তিশালী আৰু দেশ ৰক্ষা কৰিছে’’ ৷
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও হিন্দী ভাষাতে টুইটাৰত উল্লেক কৰে, ‘‘সকলো দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো । এই দিৱসটো সকলো ভাৰতীয়ৰ বাবে দেশৰ সাংবিধানিক পৰম্পৰাক শক্তিশালী কৰি নতুন ভাৰত গঢ়াৰ সংকল্পত নিজকে পুনৰ উৎসৰ্গা কৰাৰ এক সুযোগ ৷ ভাৰতৰ সকলো সংবিধান নিৰ্মাতা আৰু স্বাধীনতা সংগ্ৰামীলৈ প্ৰণাম’’ ।
আনহাতে, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও 74 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । ‘‘এই অনুষ্ঠানটো ভাৰতীয় সংবিধানৰ এক সমন্বিত দাপোন ৷ আমাৰ বহু সংস্কৃতিৰ অভিজ্ঞতা, উৎকৃষ্ট গণতান্ত্ৰিক মূল্যবোধ আৰু ঐতিহাসিক ঐতিহ্যক সামৰি লৈছে । এই আজাদী কা অমৃত মহোৎসৱত সকলো ওলাই আহক ৷ আমি এক ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিওঁ । টুইটযোগে ঠাকুৰে সদৰী কৰে এই কথা ৷
লগতে পঢ়ক :Republic Day 2023 : তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ