গুৱাহাটী,১২ মে': বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক, প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিয়োগত গভীৰ শোক আৰু সমবেদনা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
হোমেন বৰগোহাঞিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোকবাৰ্তা - সাংবাদিক
হোমেন বৰগোহাঞিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ টুইট ৷ বৰগোহাঞিৰ প্ৰতিটো সৃষ্টিককৰ্মত অসমীয়া সংস্কৃতি আৰু জীৱনবোধ প্ৰতিফলিত হৈছিল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷
বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইটত প্ৰকাশ কৰে যে, অসমীয়া ভাষা-সাহিত্য আৰু সাংবাদিকতাৰ প্ৰতি হোমেন বৰগোহাঞিয়ে যি অৱদান আগবঢ়াই থৈ গ’ল, সেয়া কেতিয়াও কোনেও পাহৰিব নোৱাৰে । তেওঁৰ প্ৰতিটো সৃষ্টিকৰ্মতে অসমীয়া সংস্কৃতি আৰু জীৱনবোধ প্ৰতিফলিত হৈছিল বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটত উল্লেখ কৰে ।
লগতে পঢ়ক :জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ
Last Updated : May 13, 2021, 6:12 AM IST