অসম

assam

ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস: ভাৰতীয় অলিম্পিয়ানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - ভাৰতীয় অলিম্পিয়ান

আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস(International Olympic Day ) । ১৮৯৪ চনৰ আজিৰ দিনটোতে পেৰিছৰ ছ'ৰবোনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (International Olympic Committee) গঠন হৈছিল । অলিম্পিক দিৱসত সকলো ভাৰতীয় অলিম্পিয়ানক টুইটযোগে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

PM Narendra Modi tribute to Indian Olympians on International Olympic Day
Olympic Day

By

Published : Jun 23, 2021, 12:23 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুন: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস(International Olympic Day )ত সকলো ভাৰতীয় অলিম্পিয়ানক শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । বুধবাৰে টুইটযোগে তেওঁ বিভিন্ন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা সকলো খেলুৱৈক প্ৰশংসা কৰে । ক্ৰীড়াক্ষেত্ৰত তেওঁলোকৰ অৱদান আৰু আন খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ দিশত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক লৈ দেশ গৌৰৱান্বিত বুলি টুইটত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

১৯২০ চনত ভাৰতে প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন অলিম্পিক গেমছলৈ এটা দল প্ৰেৰণ কৰিছিল । তেতিয়াৰ পৰা প্ৰতিটো গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে অংশগ্ৰহণ কৰি আহিছে আৰু ২৮ টা পদক জয় কৰিবলৈ সক্ষম হৈছে । ১৯৬৪ চনৰ পৰা আৰম্ভ হোৱা কেইবাটাও শীতকালীন অলিম্পিক গেমছতো প্ৰতিদ্বন্দিতা কৰিছে ভাৰতে । কিন্তু কোনো পদক জয় কৰিব পৰা নাই । ১৯৬৮ চনৰ পৰা ভাৰতে গ্ৰীষ্মকালীন পেৰা অলিম্পিকত ১২ টা পদক অৰ্জন কৰিছে ।

এতিয়াও ভাৰতে শীতকালীন পেৰা অলিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই । ১৮৯৪ চনৰ ২৩ জুনত পেৰিছৰ ছ'ৰবোনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (International Olympic Committee) প্ৰতিষ্ঠা কৰা হয়, য'ত পিয়েৰ ডি কুবেৰ্টিনে অলিম্পিক গেমছ পুনৰুজ্জীৱিত কৰে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস(International Olympic Day )ৰ উদ্দেশ্য হৈছে ক্ৰীড়াৰ প্ৰচাৰ কৰা আৰু ক্ৰীড়াক জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তোলাৰ বাৰ্তা প্ৰচাৰ কৰা ।

যোৱা কেইটামান দশকত অলিম্পিক দিৱস সমগ্ৰ বিশ্বতে অলিম্পিক দিৱস পালন কৰা হৈছে । ১৯৮৭ চনত প্ৰথম সংস্কৰণত ৪৫ টা দলে অংশ লৈছিল যদিও পিছলৈ এই সংখ্যা ১০০ লৈ বৃদ্ধি পায় । বয়স, লিংগ, সামাজিক পৃষ্ঠভূমি বা ক্ৰীড়া ক্ষমতা নিৰ্বিশেষে, অলিম্পিকৰ অফিচিয়েল ৱেবছাইটত অলিম্পিক দিৱসৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰা হৈছে । উল্লেখ্য যে, জুলাই মাহৰ শেষৰ ফালে টকিঅ' অলিম্পিক(TOKYO OLYMPIC) আৰম্ভ হ'ব । বিশ্বৰ ২০৫ খন দেশৰ ১১,০৯১ গৰাকী খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত গণ আক্ৰমণত প্ৰাণ গ'ল 20 বছৰীয়া যুৱকৰ

ABOUT THE AUTHOR

...view details