নেচনেল ডেস্ক, ২৬ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনাডুৰ পৰিচালন সঞ্চালক (এমডি) চি এইচ কিৰণ (PM Modi meeting with MD of Eenadu), চি এইচ শৈলজা আৰু চি এইচ বিজয়েশ্বৰীৰ সৈতে এক অতি ফলপ্ৰসূ বৈঠকত মিলিত হয় । উক্ত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজাদী কা অমৃত মহোৎসৱৰ ওপৰত ইনাডু গ্ৰুপে প্ৰস্তুত কৰা গ্ৰন্থখনৰ এটা প্ৰতিলিপি প্ৰদান কৰা হয় (Eenadu group book on Azadi Ka Amrit Mahotsav) । উক্ত গ্ৰন্থখনত আমাৰ স্বাধীনতা সংগ্ৰামৰ নায়কসকলক (heroes of freedom struggle) উচ্চ প্ৰশংসা কৰা হৈছে ।
উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে ইনাডু গ্ৰুপৰ এই প্ৰচেষ্টাক যথেষ্ট প্ৰশংসা কৰি কয় যে যিসময়ত ভাৰতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছে, তেনে সময়ত এনে প্ৰচেষ্টা সময়ৰ আহ্বান । তেওঁ কয় যে আমাৰ স্বাধীনতা আন্দোলনৰ (India freedom movement) সৌন্দৰ্য হৈছে জনসাধাৰণৰ উচ্চ স্তৰৰ অংশগ্ৰহণ । তেওঁ লগতে কয় যে ভাৰতৰ প্ৰতিটো প্ৰান্ততে স্বাধীনতা আন্দোলনৰ নায়ক । কিন্তু জনমানসৰ পৰা আঁতৰত (unsung heroes of freedom struggle) থকা নায়কসকলক আলোকপাত কৰিবলৈ বিশেষ কাম কৰা হোৱা নাই । তেনে পৰিপ্ৰেক্ষিতত ইনাডু গ্ৰুপৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয় ।