নিউজ ডেস্ক, ১২ অক্টোবৰ :উত্তৰাখণ্ড ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত পিথোৰাগড়ত উপস্থিত হয় । প্ৰথমে প্ৰধানমন্ত্ৰী মোদীয়ে বিখ্যাত আদি কৈলাস ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পথছোৱা সুন্দৰভাৱে সজোৱা হয় । পথটোৰ দুয়োফাল ফুলৰ মালাৰে সজোৱা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে পুষ্পসজ্জিত পথটোৰে কৈলাসৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি লাহে লাহে আগবাঢ়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদি কৈলাসক তেওঁৰ চিৰাচৰিত শৈলীৰে ভক্তিভৰা অভিবাদন জনায় । দীৰ্ঘসময় ধৰি তেওঁ আদি কৈলাসৰ ফালে ভক্তিভাবেৰে চাই থাকে । সেই সময়ত বৰফেৰে আবৃত কৈলাস সূৰ্যৰ পোহৰত ৰূপালী ৰঙেৰে জিলিকি আছিল । কিছু সময়ৰ বাবে তেওঁ হাতযোৰ কৰি মন্ত্ৰ জপ কৰে । তাৰ পিছত দুয়োখন হাত ওপৰলৈ দাঙি হৰ হৰ মহাদেৱ উচ্চাৰণ কৰে ।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তিৰে তাত নিৰ্মিত আসনত বহে । তাত প্ৰধানমন্ত্ৰী মোদীয়ে আদি কৈলাসৰ ওপৰত ধ্যানত বহে । উল্লেখ্য যে ভগৱান শিৱৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ অপৰিসীম বিশ্বাস সকলোৰে অৱগত ।
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভাৰ সাংসদ । বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ সৌন্দৰ্যবৰ্ধন তেওঁৰ অনুপ্ৰেৰণাতে হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্পৰ অধীনত উজ্জয়িনীৰ মহাকাল মন্দিৰৰ কৰিডৰো নিৰ্মাণ কৰা হৈছে ।