অসম

assam

ETV Bharat / bharat

জন্মদিনত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ - PM Narendra Modi

আজি ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী । সমগ্ৰ দেশে শ্ৰদ্ধাৰে সুঁৱৰিছে আদৰ্শবান নেতাগৰাকীক । ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধিবলৈ প্ৰয়াস কৰা ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

PM Narendra Modi paid tribute to Bharatiya Jana Sangh founder Syama Prasad Mukherjee
জন্মদিনত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

By

Published : Jul 6, 2021, 11:54 AM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই: দেশৰ শান্তি-সম্প্ৰীতি তথা প্ৰগতিৰ স্বাৰ্থত ওৰেতো জীৱন সেৱা আগবঢ়াই ভাৰতবাসীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী(Dr Syama Prasad Mukherjee)ৰ আজি ১২০ সংখ্যক জন্ম বাৰ্ষিকী । ভাৰতীয় জনসংঘ(Bharatiya Jana Sangha)ৰ প্ৰতিষ্ঠাপক, পণ্ডিত তথা বুদ্ধিজীৱী ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক আজি সমগ্ৰ দেশে স্মৰণ কৰিছে । মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে, ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে ।

তেওঁৰ আদৰ্শই দেশৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰে বুলিও তেওঁ উল্লেখ কৰিছে টুইটটোত । ১৯০১ চনৰ আজিৰ দিনটোতে ড৹ মুখাৰ্জীৰ জন্ম হৈছিল । তেওঁ ১৯২৯ চনত ৰাজনীতিৰ পথাৰত খোজ পেলাইছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ৷ ইয়াৰ পিছত তেওঁ থমকি ৰোৱা নাই ।

দক্ষতা আৰু কাম কৰাৰ প্ৰবল ইচ্ছাই তেওঁৰ সফলতাৰ বাট মুকলি কৰিছিল । ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজনীতিবিদ, বেৰিষ্টাৰ আৰু শিক্ষাবিদ ড৹ মুখাৰ্জীয়ে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৫০ চনৰ ৮ এপ্ৰিলত মুখাৰ্জীয়ে কেবিনেটৰ পৰা পদত্যাগ কৰে ।

১৯৫১ চনৰ ২১ অক্টোবৰত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দিল্লীত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে । ভাৰতীয় জনসংঘৰ প্ৰথমগৰাকী সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল ড৹ মুখাৰ্জীয়ে । ১৯৫২ চনৰ নিৰ্বাচনত ভাৰতীয় জনসংঘই তিনিখন আসন লাভ কৰিছিল । বিজয়ী প্ৰাৰ্থীৰ ভিতৰত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীও আছিল ।

আনহাতে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ দাবী পোন প্ৰথমবাৰৰ বাবে ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে উত্থাপন কৰিছিল ৷ দেশৰ প্ৰতিটো জাতি-জনগোষ্ঠী, প্ৰতিগৰাকী লোকৰ বাবে মাথো এখন দেশৰ নাগৰিক হিচাপে একতাৰে জীয়াই থকাৰ পৰিৱেশ গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল মহান নেতাগৰাকীয়ে । সেয়ে এইগৰাকী নেতাক আজিও স্মৰণ কৰে দেশবাসীয়ে ।

লগতে পঢ়ক: এতিয়াৰে পৰা সহজেই ছবিৰ দৃশ্য গ্ৰহণ কৰিব পাৰিব দাৰ্জিলিঙত

ABOUT THE AUTHOR

...view details