অসম

assam

ETV Bharat / bharat

হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচলৰ আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ ধলপুৰৰ ৰথ ময়দানত উপস্থিত হয় । আনহাতে, হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত ভগৱান ৰঘুনাথক দৰ্শনৰ বাবে তেওঁ মঞ্চৰ পৰা নামিও আহে (PM Narendra Modi in international Kullu Dussehra) ।

Modi
Modi

By

Published : Oct 5, 2022, 6:25 PM IST

নিউজ ডেস্ক, ৫ অক্টোবৰ :সপ্তাহজোৰা আন্তঃৰাষ্ট্ৰীয় কুলু দশেৰা আজিৰ পৰা আৰম্ভ হৈছে (International Kullu Dussehra) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ ধলপুৰৰ ৰথ ময়দানত উপস্থিত হয় । আনহাতে, হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত ভগৱান ৰঘুনাথক দৰ্শনৰ বাবে তেওঁ মঞ্চৰ পৰা নামিও আহে ।

এই সময়ছোৱাত নিৰাপত্তাৰক্ষীসকলে জনসমাগমক নিয়ন্ত্ৰণ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজলৈ নামি আহে আৰু তেওঁ ভগৱান ৰঘুনাথৰ আশীৰ্বাদো গ্ৰহণ কৰে ।

এই সময়তে আশীৰ্বাদ হিচাপে ভগৱান ৰঘুনাথৰ টুপীত এটা পবিত্ৰ পাগুৰিও বান্ধি দিয়া হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, ৰাজ্যিক বিজেপিৰ সভাপতি সুৰেশ কাশ্যপ, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অটল সদনৰ বাহিৰত নিৰ্মিত মঞ্চৰ পৰা ভগৱান ৰঘুনাথৰ ৰথযাত্ৰা চাই আছিল । তাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চৰ পৰা নামি নিৰাপত্তাৰক্ষীৰ সৈতে ভগৱান ৰঘুনাথৰ ৰথলৈ ৰাওনা হয় (PM Narendra Modi in international Kullu Dussehra) ।

হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোদীক তললৈ নামি অহা দেখি জনতাও তেওঁৰ ফালে ঘূৰি আহে আৰু সকলোৱে তেওঁলোকৰ মোবাইলত এই দৃশ্যটো বন্দী কৰিবলৈ আৰম্ভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান ৰঘুনাথৰ ৰথৰ ওচৰলৈ গৈ ভগৱান ৰঘুনাথক দৰ্শন কৰে । একে সময়তে তেওঁ ভগৱান ৰঘুনাথৰ আঠাল বাহক মহেশ্বৰ সিঙৰ পৰা ভগৱানৰ ৰথৰ বিষয়েও তথ্য জানি লয় ৷

এই সময়ছোৱাত তেওঁ ৰথৰ সৈতে থিয় হৈ থকা দেৱ-দেৱীসকলৰ আশীৰ্বাদ লৈ ভগৱান ৰঘুনাথৰ কাৰদাৰ দানবেন্দ্ৰ সিঙৰ সৈতে দশেৰা উৎসৱৰ বিষয়েও আলোচনা কৰে (PM Modi in Himachal) ৷

হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

ভগৱান ৰঘুনাথৰ দৰ্শনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ মঞ্চলৈ উভতি যায় । উল্লেখ্য, আন্তৰ্জাতিক দশেৰা উৎসৱৰ প্ৰথমদিনা হাজাৰ হাজাৰ লোক ৰথযাত্ৰাত ভগৱান ৰঘুনাথৰ আশীৰ্বাদ ল'বলৈ ধলপুৰত উপস্থিত হয় । একে সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাবলৈও ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা জনসমাগমৰ সৃষ্টি হয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কুলু টুপী আৰু শ্বলেৰে সন্মানিত কৰে । ৰাম দৰবাৰকো এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত বিশেষভাৱে উপস্থাপন কৰা হৈছিল । ইয়াৰ পিছত মঞ্চৰ চাৰিওফালৰ পৰা তেওঁ স্থানীয় লোকসকলক থিয় হৈ হাত জোকাৰি তেওঁলোকৰ শুভেচ্ছা গ্ৰহণ কৰে আৰু উপস্থিত হাজাৰ হাজাৰ লোকে এই দৃশ্য নিজৰ মোবাইলত বন্দী কৰাত ব্যস্ত হৈ পৰে ।

লগতে পঢ়ক :দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা

ABOUT THE AUTHOR

...view details