নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :দেশৰ নিৰ্বাচনমুখী ৫ খন ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । কংগ্ৰেছ নেতৃত্বাধীন ছত্তীশগড়কো শেহতীয়াকৈ বিজেপিয়ে টাৰ্গেট কৰি লৈছে । যাৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ বহু শীৰ্ষ নেতা ৰাজ্যখনলৈ গৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে । আনহাতে নেতৃত্বাধীন কংগ্ৰেছকো লক্ষ্য কৰি লৈছে বিজেপিৰ নেতাসকলে ।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ পৰিৱৰ্তন মহাসংকল্প ৰেলী সম্বোধন কৰে । য'ত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ নেতৃত্বাধীন বাঘেল চৰকাৰৰ বিৰুদ্ধে ছত্তীশগড়ত ভয় আৰু দুৰ্নীতি বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে বিজেপি চৰকাৰে সততাৰে কাম কৰি আছে । বিজেপিয়ে কেতিয়াও ছত্তীশগড়ৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা নাই । বিজেপিয়ে ছত্তীশগড়ৰ উন্নয়নৰ বাবে কাম কৰিছে বুলি তেওঁ দাবী কৰে ।
প্ৰধানমন্ত্ৰী মোদীৰ মতে ছত্তীশগড়ত পৰিৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে । ৰাজ্যখনত উৎসাহ দেখা গৈছে বুলিও তেওঁ উল্লেখ কৰে । কংগ্ৰেছ চৰকাৰৰ অত্যাচাৰত ভুগি থকা ছত্তীশগড়ৰ ৰাইজে এই কথা কৈছে বুলি তেওঁ দাবী কৰে । তেওঁ উল্লেখ কৰা মতে তেওঁ পূৰ্বেও বহুবাৰ বিলাসপুৰলৈ আহিছে । গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতেও তেওঁ বিলাসপুৰলৈ গৈছে । কিন্তু কেতিয়াও এনে উৎসাহ দেখা নাছিল বুলি তেওঁ দাবী কৰে ।