নিউজ ডেস্ক, 9 নৱেম্বৰ: ‘‘দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু বাকী পাঁচ ৰাজ্যৰ উপনিৰ্বাচনত বিপুল জনাদেশে বিজেপিৰ লক্ষ্য আৰু অংগীকাৰৰ প্ৰতি জনতাৰ সঁহাৰিক প্ৰতিফলিত কৰিছে ৷ এই মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (BJP victory in Gujarat poll) ৷
দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনত দলটোৰ ঈৰ্শনীয় জয়ৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ জনায় ৷ তেওঁ কয় যে, যোৱা 27 বছৰে শাসনত অধিষ্ঠিত হৈ থকা দলটোৰ ওপৰত জনসাধাৰণে যি প্ৰীতি প্ৰদৰ্শন কৰিলে, সেই প্ৰীতিয়ে গুজৰাটত সকলো অভিলেখ ভংগ কৰি এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল (Gujarat assembly polls) ৷
দলীয় কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বিজেপিৰ প্ৰতি দিয়া সমৰ্থনে বংশ শাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে মানুহৰ ক্ষোভ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে । তেওঁ কয় যে, অতি সোনকালে সকলো সুবিধা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীলৈ লৈ যোৱাৰ বাবে ৰাইজে বিজেপিক ভোট দিছে (Gujarat assembly poll result) ।
ফল্টলাইনমসূহৰ উত্থান ঘটাই নহয়, সেইবোৰ নোহোৱাৰ কৰিহে ভাৰতৰ ভৱিষ্যৎ উজ্জল কৰিব পাৰি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ গুজৰাটত বিজেপিয়ে 182 খন আসনৰ ভিতৰত 156 খনতে জয়লাভ কৰিলেও অৱশ্যে হিমাচলত 68 খন আসনৰ ভিতৰত 25 খনহে লাভ কৰে দলটোৱে ৷
গুজৰাট নিৰ্বাচনত দলটোৰ ঐতিহাসিক বিজয়ৰ কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বাসযোগ্যতা আৰু নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা বুলি উল্লেখ কৰিছে বিজেপিয়ে । ৰাজ্যৰ যিকোনো বিধানসভা নিৰ্বাচনতকৈ অধিক আসন লাভ কৰি দলটোৱে ক্ৰমাগত সপ্তমবাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ গুজৰাটত ঐতিহাসিক বিজয় সাব্যস্ত কৰে (Gujarat election result 2022) ।
"গুজৰাট নে তো কামাল হি কৰ দিয়া (গুজৰাটে আশ্চৰ্যৰ কাম কৰিছে), ই ইতিহাস ৰচনা কৰিছে কিয়নো ২৭ বছৰ ক্ষমতাত থকাৰ পিছতো ৰাইজে বিজেপিৰ প্ৰতি ইমান মৰম দেখুৱাইছে আৰু ব্যাপক ভোটদান কৰিছে ।" বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷
বিজেপি গুজৰাটৰ প্ৰতিটো ঘৰ-পৰিয়ালৰ অংশ ৷ গুজৰাটৰ ৰাইজক মই কৈছিলোঁ যে, এইবাৰ নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব লাগে । মই প্ৰতিশ্ৰুতি দিছিলো যে, নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিব যাতে ভূপেন্দ্ৰই নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব পাৰে । গুজৰাটৰ ইতিহাসত বিজেপিক সৰ্ববৃহৎ জনাদেশ দি গুজৰাটে সকলো অভিলেখ ভংগ কৰিছে ৷’’ কৰ্মীসকলক সম্বোধন কৰি মোদীয়ে এইদৰে কয় (Narendra Modi record break) ।
ইয়াৰ লগতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "মই জনাত যিকোনো ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন নাছিল । "হিমাচলৰ ভোটাৰসকলকো ধন্যবাদ জনাইছোঁ । বিজেপি আৰু কংগ্ৰেছৰ ভোটৰ সংখ্যাৰ পাৰ্থক্য আছিল ১% তকৈও কম ৷ হিমাচলৰ প্ৰতিটো বিষয় সম্পূৰ্ণ শক্তিৰে উত্থাপন কৰা হ’ব আৰু ইয়াৰ দ্বাৰা কেন্দ্ৰই যাতে সম্ভৱপৰ সকলো প্ৰকাৰে হিমাচলক সমৰ্থন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব’’।
গুজৰাটৰ জনসাধাৰণে অভিলেখ ভংগ কৰাৰ বিপৰীতে হিমাচল প্ৰদেশত বিজেপি কংগ্ৰেছৰ পৰা এক শতাংশতকৈও কম ভোটত পিছ পৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিহাৰত কুৰহানী উপনিৰ্বাচনত সংযুক্ত মিত্ৰশক্তি আৰজেডি-জেডি(ইউ)-কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ জয়ে ভৱিষ্যতে ৰাজ্যখনলৈ আহিবলগীয়া সময়ৰ ইংগিত প্ৰদান কৰিছে (Himachal Pradesh poll results)।