নিউজ ডেস্ক, ১২ জুন :বিদেশ ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ নবছৰীয়া শাসনকালত এক ইতিহাস ৰচিছে । ইতিমধ্যে নিজৰ প্ৰধানমন্ত্ৰিত্বৰ কাৰ্যকালত সৰ্বাধিকবাৰ বিদেশ ভ্ৰমণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অভিলেখ স্থাপন কৰিছে নৰেন্দ্ৰ মোদীয়ে । এইবাৰ আমেৰিকা ভ্ৰমণ কৰিবলৈ ওলোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আন এক অভিলেখ স্থাপনৰ দিশে আগবাঢ়িছে ।
উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ পৰা ২৪ জুনলৈ আমেৰিকা ভ্ৰমণ কৰিব । আনহাতে, এক ঐতিহাসিক ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে অহা ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিবেশনত ভাষণ দিব । উল্লেখ্য যে এনে এক ঐতিহাসিক ভাষণ প্ৰদান কৰাৰ বাবে আমন্ত্ৰণ প্ৰতিনিধি সভা আৰু চিনেট দুয়োৱে আগবঢ়াইছিল । যিটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি দ্বিপক্ষীয় সমৰ্থন আৰু সন্মান প্ৰদৰ্শন কৰিছে ।
আনহাতে, আমেৰিকান সংসদত ভাষণ প্ৰদানৰ লগে লগে তেওঁ প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হ'ব, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিবেশনত দুবাৰ ভাষণ প্ৰদান কৰিব । ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ আমন্ত্ৰণী-পত্ৰত সাত বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ অন্তিম ঐতিহাসিক ভাষণৰ প্ৰশংসা কৰা হয় । এই ভাষণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰা বুলি উল্লেখ কৰা হৈছে । হোৱাইট হাউছে এইটো বাৰ্তাত গুৰুত্ব আৰোপ কৰিছে যে এইটো হৈছে দুয়োখন দেশৰ গভীৰ আৰু ঘনিষ্ঠ মিত্ৰতাক পুনৰ নিশ্চিত কৰাৰ এক উপলক্ষ ।