নিউজ ডেস্ক, ২৩ জুন :শনিবাৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ইজিপ্ত ভ্ৰমণ । এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ১১ শতিকাৰ আল-হাকিম মছজিদ পৰিদৰ্শন কৰিব । প্ৰধানমন্ত্ৰী মোদীৰ ইজিপ্তৰ ৰাজধানী কাইৰোত তেওঁৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটোত এই মছজিদ ভ্ৰমণ প্ৰথম অনুষ্ঠান হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
প্ৰধানমন্ত্ৰীয়ে আল-হাকিম মছজিদত প্ৰায় আধা ঘণ্টা অতিবাহিত কৰিব । ১৬ সংখ্যক ফাতিমিদ খলিফা আল-হাকিম বাই-আমৰ আল্লাৰ (৯৮৫-১০২১) নামেৰে নামকৰণ কৰা এই মছজিদটো হৈছে কায়ৰোৰ এক ঐতিহাসিক আৰু বিশেষ মছজিদ ।
মছজিদটো মূলত আল-হাকিম বাই-আমৰ আল্লাৰ পিতৃ খলিফা আল-আজিজ বিল্লাহে দশম শতিকাৰ শেষৰ ফালে, ৯৯০ চনত নিৰ্মাণ কৰিছিল । তাৰ পিছত ১০১৩ চনত আল-হাকিমে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰে । মছজিদটোক আল-আনৱাৰ বুলিও জনা যায় । যাৰ অৰ্থ হৈছে আলোকিত । যিটো ফাটিমিডসকলে প্ৰতিষ্ঠা কৰা পূৰ্বৰ আল-আজহাৰ মছজিদৰ নামৰ দৰেই একে । এই মছজিদটো হৈছে কাইৰো চহৰৰ দ্বিতীয় সৰ্ববৃহৎ আৰু বিশ্বৰ চতুৰ্থ পুৰণি মছজিদ ।
মছজিদটো ইছলামিক কাইৰোৰ মাজভাগত অৱস্থিত । ই আল-মুইজ ষ্ট্ৰীটৰ পূবফালে আৰু বাব আল-ফুতুহৰ ঠিক দক্ষিণে অৱস্থিত (ফাতিমিদ কায়ৰোৰ উত্তৰ চহৰৰ দুৱাৰৰ এখন) ।