নিউজ ডেস্ক, ২৭ জুন :২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া হাই-ভল্টেজ সাধাৰণ নিৰ্বাচনৰ এবছৰ পূৰ্বে ৰাজনৈতিক আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ইউনিফৰ্ম চিভিল কোড তথা অভিন্ন নাগৰিক সংহিতা ।
দেশৰ সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰিব বুলি দাবী কৰি বিজেপিয়ে ইয়াক কাৰ্যকৰীকৰণৰ বাবে পৰিকল্পনা কৰিছে । আনহাতে, বিৰোধী শিবিৰে ইউনিফৰ্ম চিভিল কোডক লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত দলৰ গুৰুত্বপূৰ্ণ 'মেৰা বুথ সবচে মজবুত' অভিযানত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত আগবঢ়োৱা বক্তব্যত আগন্তুক বৰ্ষত ইয়াক কাৰ্যকৰীকৰণৰ বিষয়ে দিয়া ইংগিতে এই বিষয়টোক পুনৰ এবাৰ চৰ্চালৈ আনিছে ।
ভূপালত দলৰ কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এখন দেশত কোনো দুখন আইন থাকিব নোৱাৰে । "যদি মানুহৰ বাবে দুটা পৃথক নিয়ম থাকে তেন্তে এটা পৰিয়ালে কাম কৰিব পাৰিবনে ? তেন্তে দেশ এখন কেনেকৈ চলিব ? আমাৰ সংবিধানেও সকলো লোকৰ সমান অধিকাৰৰ নিশ্চয়তা দিয়ে ।" প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ভূপালত বিজেপিৰ 'মেৰা বুথ সবচে মজবুত' অভিযানত দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় ।
ইউনিফৰ্ম চিভিল কোডৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যই বিজেপি আৰু ইয়াৰ প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলৰ বাবে এক সাৰ্বজনীন আইনৰ প্ৰতিশ্ৰুতি দিয়া অভিন্ন নাগৰিক সংহিতাক সমৰ্থন কৰা মন্তব্যই বিৰোধী দলসমূহক টিঙিৰি-তুলা কৰি তুলিছে । লগতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । মোদীৰ মন্তব্যৰ পিছত অকণো সময় পলম নকৰাকৈ এনে আইন বিভাজনকাৰী প্ৰকৃতিৰ আৰু গণতন্ত্ৰৰ বাবে ভাল নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।