নেশ্যনেল ডেস্ক, 5 জানুৱাৰী :পাঞ্জাৱৰ ফিৰোজপুৰত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী ৰেলী বাতিল কৰা হৈছে (PM Modi's rally at Ferozepur was cancelled)। বুধবাৰে গৃহ মন্ত্ৰালয়ে জনোৱা মতে নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে প্ৰধানমন্ত্ৰীৰ ৰেলী (MHA cancels Modi's Ferozepur rally)। গৃহ মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাত ব্যৰ্থ হৈছে পঞ্জাৱ চৰকাৰ । ৰাজ্য চৰকাৰখনক ইয়াৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ ।
বিবৃতি অনুসৰি পুৱা প্ৰধানমন্ত্ৰীয়ে বিমানেৰে বাথিন্দাত অৱতৰণ কৰে । তাৰ পৰা তেওঁ হেলিকপ্টাৰেৰে হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ যোৱাৰ কথা আছিল । কিন্তু বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০ মিনিট অপেক্ষা কৰিবলগীয়া হয় । কিন্তু বতৰৰ অৱস্থা ঠিক নোহোৱাত তেওঁ পথেৰে যোৱাৰ সিদ্ধান্ত ল'লে ।
যাৰ বাবে তেওঁ দুই ঘণ্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হ'ব । পাঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে পথেৰে ভ্ৰমণ আৰম্ভ কৰে ।