অসম

assam

By

Published : Feb 18, 2021, 1:12 PM IST

ETV Bharat / bharat

অনলাইনযোগে অনুষ্ঠিত হ'ব পৰীক্ষা পে চৰ্চা

COVID-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্ষিক বাৰ্তালাপ অনুষ্ঠান পৰীক্ষা পে চৰ্চা এইবছৰ অনলাইনযোগে অনুষ্ঠিত হ'ব ৷

প্ৰধানমন্ত্ৰী মোদীৰ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠিত হ'ব অনলাইন যোগে
প্ৰধানমন্ত্ৰী মোদীৰ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠিত হ'ব অনলাইন যোগে

নেশ্যনেল ডেস্ক,18 ফেব্ৰুৱাৰী:2018 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক বাৰ্তালাপ অনুষ্ঠানটো এইবছৰ মহামাৰী ক'ভিড-19 ৰ বাবে অনলাইনযোগে অনুষ্ঠিত হ'ব বুলি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকয়ে বৃহস্পতিবাৰে জনায় ৷ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠান অনুষ্ঠিত কৰিছিল ৷

এক টুইট যোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, মই জনাবলৈ পাই সুখী হৈছো যে পুনৰ শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰাৰ বাবে সুযোগ পাইছো ৷ প্ৰতি গৰাকীয়ে শিক্ষাৰ্থীয়ে ৰৈ থকা এই অনুষ্ঠানটি আকৌ অনুষ্ঠিত কৰিব ওলাইছো ৷ আন এটা টুইটত প্ৰধান মন্ত্ৰী গৰাকীয়ে কয়, "COVID-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি, এইবছৰ অনলাইন যোগে মত বিনিময় কৰা হ'ব ।

এই অনুষ্ঠানৰ বাবে বৃহস্পতিবাৰৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব আৰু 18 মাৰ্চত সমাপ্ত হ'ব । পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠান মাৰ্চত অনুষ্ঠিত হ'ব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে ৷ উল্লেখ্য যে, এই অনুষ্ঠানটি পোনপ্ৰথম বাৰৰ বাবে তালকাতোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক:সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণ কৰিব মোডীয়ে

ABOUT THE AUTHOR

...view details