অসম

assam

ETV Bharat / bharat

COVID-১৯ ৰ প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰীৰ মাতৃৰ

COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীয়ে । মাতৃৰ টীকাকৰণ সম্পন্ন হোৱাক লৈ টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

COVID-১৯ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোডীয়ে
COVID-১৯ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোডীয়ে

By

Published : Mar 11, 2021, 9:04 PM IST

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে COVID-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীয়ে । বৃহস্পতিবাৰে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে । দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়াৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ সময়সীমা ১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী মোডীৰ মাতৃয়ে COVID-১৯ ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰে । লগতে মাতৃয়ে প্ৰতিষেধকৰ গ্ৰহণ কৰাৰ বাবে আনন্দিত বুলিও টুইটত উল্লেখ কৰে । প্ৰতিষেধক লাভ কৰাৰ বাবে যোগ্য প্ৰতিগৰাকী ব্যক্তিকে প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় আৰু উৎসাহ যোগাবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

COVID-১৯ৰ প্ৰতিষেধকৰ প্ৰথম খোৰাক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোডীয়ে

যোৱা ১৬ জানুৱাৰীত দেশত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে প্ৰথম পৰ্যায়ত সুৰক্ষা বিষয়া, স্বাস্থ্য কৰ্মীসকলৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় । COVID-১৯ (SarS-CoV-2) ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চলিত বৰ্ষৰ জানুৱাৰী মাহত, ভাৰতৰ ঔষধ নিয়ন্ত্ৰক, ভাৰতীয় ঔষধ নিয়ন্ত্ৰকে (ডিচিজিআই) দুটা প্ৰতিষেধক জৰুৰীকালীনভাৱে ব্যৱহাৰৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে ।

মহামাৰীত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত ২.৫ নিযুততকৈ অধিক লোক আৰু দেশত ১,৫৭,০০০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে । অক্সফ'ৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰা জেনেকাৰ দ্বাৰা বিকশিত আৰু পুণেস্থিত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা "ক'ভিছিল্ড" প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছিল । লগতে হায়দৰাবাদস্থিত ভাৰত বায়'টেক আৰু ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছৰ দ্বাৰা যৌথভাৱে বিকশিত "ক’ভাক্সিন" প্ৰতিষেধক দেশত প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক: মুৰ্ছিদাবাদৰ পথ দুৰ্ঘটনাত নিহত 7

ABOUT THE AUTHOR

...view details