অসম

assam

ETV Bharat / bharat

LS Poll 2024 Preparations : লক্ষ্য লোকসভা নিৰ্বাচন; আজি এন ডি এৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ আজি এন ডি এৰ অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব ৷ ইয়াৰ লগতে, বিজেপিয়ে এন ডি এৰ 25 তম বাৰ্ষিকীও উদযাপন কৰিব ।

PM Modis Meeting With NDA MPs From Today
এন ডি এৰ অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

By

Published : Jul 31, 2023, 9:28 AM IST

নিউজ ডেস্ক, 31 জুলাই : ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ ৰ বাবে প্ৰস্তুতি চলাই আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব ৷ দলীয় সূত্ৰ অনুসৰি, যোৱা মঙলবাৰে বিজেপি নেতাসকলে ৰাষ্ট্ৰীয় ৰাজধানীত এখন বৈঠক অনুষ্ঠিত কৰিছিল, য'ত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ এন ডি এৰ সাংসদৰ ১০ টা গোট গঠন কৰা হৈছিল ৷ সূত্ৰ অনুসৰি, আজিৰ পৰা আৰম্ভ হোৱা এন ডি এৰ সাংসদসকলৰ এই বৈঠক ১১ দিন ধৰি চলিব ৷

এই গোটবোৰ এন ডি এৰ অংশীদাৰসকলৰ নিৰ্বাচনী প্ৰচেষ্টাত অধিক সমন্বয় অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গঠন কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সন্ধিয়া ৬ বজাত মহাৰাষ্ট্ৰত পশ্চিম উত্তৰ প্ৰদেশ, বুন্দেলখণ্ড আৰু ব্ৰিজ অঞ্চলৰ এন ডি এ সাংসদৰ দলৰ সৈতে এক ক্লাষ্টাৰ ১ বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহো বৈঠকত উপস্থিত থাকিব বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷

পশ্চিম বংগ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ এন ডি এ সাংসদৰ গোটৰ সৈতে সোমবাৰে সন্ধিয়া ৭ বজাত সংসদ ভৱনত ক্লাষ্টাৰ-২ত বৈঠক অনুষ্ঠিত হ'ব ৷ বৈঠকত উপস্থিত থাকিব অমিত শ্বাহ আৰু ৰাজনাথ সিং ৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো গোটৰ বৈঠকত সভাপতিত্ব কৰিব ৷ সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ সাংসদসকলে প্ৰথম দিনাৰ বৈঠকত অংশগ্ৰহণ কৰিব ৷

বিজেপিয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) ২৫ তম বাৰ্ষিকীও উদযাপন কৰিব ৷ লগতে, শাসকীয় মিত্ৰজোঁটে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ লগতে বিজেপিৰ মুৰব্বী জে পি নাড্ডাক এন ডি এ নেতাসকলৰ সৈতে সমন্বয়কৰ দায়িত্ব দিয়া হৈছে ৷ ভূপেন্দৰ যাদৱ, সৰ্বানন্দ সোণোৱাল, তৰুণ চুগ আৰু ৰিতুৰাজকে ধৰি চাৰিজন নেতাক এন ডি এৰ কাৰ্যসূচীৰ দায়িত্ব দিয়া হৈছে ৷ প্ৰহ্লাদ পেটেল, অৰ্জুন ৰাম মেঘৱাল আৰু ভি মুৰলীধৰণকে ধৰি আন চাৰিজন নেতাও তেওঁলোকৰ সৈতে থাকিব ৷ মন্ত্ৰী আৰু সাংসদসকলৰ আন এটা দলো থাকিব যিয়ে এই কামত সহায় কৰিব ৷

সংসদৰ উপৰিও মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে বিভিন্ন ৰাজ্যিক ভৱনতো অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৷ এইবাৰ প্ৰথমবাৰৰ বাবে মিত্ৰজোঁটৰ নেতাসকলে অঞ্চলভিত্তিক আলোচনাত মিলিত হ’ব ৷ সূত্ৰই অনুসৰি লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলৰ সৈতে ৫০ শতাংশ ভোটৰ অংশীদাৰিত্ব লাভ কৰাৰ পৰিকল্পনাত কাম কৰি আছে ৷

তুলনামূলকভাৱে দুৰ্বল ১৬০ টা সমষ্টি চিনাক্ত কৰি বিজেপি নেতৃত্বই সেই সমষ্টিসমূহত নিজৰ সম্ভাৱনা শক্তিশালী কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাইছে ৷ বিৰোধী দল একত্ৰিত হোৱাৰ লগে লগে ১৮ জুলাইত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এন ডি এৰ এখন মেগা বৈঠক অনুষ্ঠিত হয় ৷ বিজেপি নেতৃত্বাধীন এন ডি এৰ অধীনত ৩৮ টা দল আছে ৷

লগতে পঢ়ক :No confidence motion against BJP govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা

ABOUT THE AUTHOR

...view details