নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : দেওবাৰে 100 টা খণ্ড সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ’মন কি বাতে’ ৷ ইয়াকে লৈ দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে চলোৱা প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে ৷ মোডীৰ মাহেকীয়া ৰেডিঅ’ ভাষণৰ 100 সংখ্যক খণ্ড আজি পুৱা 11 বজাত সম্প্ৰচাৰ হ’ব । উল্লেখ্য যে, আজি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ ৰাষ্ট্ৰসংঘৰ ট্ৰাষ্টীশ্বিপ কাউন্সিল চেম্বাৰত প্ৰচাৰ কৰা হ’ব এই শততম খণ্ড (Mann ki baat live broadcast at UN) ।
নৰেন্দ্ৰ মোডীৰ 'মন কি বাত' ৰেডিঅ' সম্প্ৰচাৰৰ 100 সংখ্যক খণ্ডক "অভূতপূৰ্ব" গণ প্ৰচাৰ কাৰ্যসূচী হিচাবে গঢ়ি তোলাৰ বাবে বিজেপিয়ে সমগ্ৰ দেশৰ প্ৰতিটো বিধানসভা সমষ্টিত গড়ে 100 টা স্থানত ৰাইজে শুনিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিজেপিৰ দলীয় সূত্ৰই সংবাদ সংস্থাক জনোৱা মতে, বিদেশকে ধৰি প্ৰায় চাৰি লাখ ঠাইত মোডীৰ ভাষণ শুনিবলৈ দলটোৱে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সমগ্ৰ পৰিকল্পনাটোৰ তদাৰক কৰাৰ লগতে ইয়াক ঐতিহাসিকভাৱে সফল কৰি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে বুলি জানিবলৈ পোৱা গৈছে । সকলো ৰাজভৱন, ৰাজ্যপালৰ চৰকাৰী বাসগৃহ আৰু বিজেপি বা ইয়াৰ মিত্ৰ দলৰ মুখ্যমন্ত্ৰীৰ ঘৰত বিশিষ্ট নাগৰিকে ‘মন কি বাত’ কাৰ্যসূচী শুনিবলৈ ব্যৱস্থা কৰা হৈছে (Mann ki baat 100th episode) ।