অসম

assam

ETV Bharat / bharat

G20 Summit: 'জি-২০ ইণ্ডিয়া মোবাইল এপ' ডাউনলোড কৰিবলৈ মন্ত্ৰীসকলক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ - জি ২০ ইণ্ডিয়া মোবাইল এপ

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ‘জি-২০ ইণ্ডিয়া’ শীৰ্ষক মোবাইল এপ্লিকেচন মুকলি কৰিছে । জি-২০ সন্মিলনৰ পূৰ্বে সকলো মন্ত্ৰীকে জি-২০ ইণ্ডিয়া মোবাইল এপটো ডাউনলোড কৰিবলৈ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে ৷ এই এপটোৱে বিদেশী প্ৰতিনিধিৰ সৈতে নিৰৱচ্ছিন্নভাৱে মত বিনিময় কৰাত সহায় কৰিব ।

G20 Summit
'জি-২০ ইণ্ডিয়া মোবাইল এপ' ডাউনলোড কৰিবলৈ মন্ত্ৰীসকলক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:04 PM IST

নিউজ ডেস্ক,৬ ছেপ্টেম্বৰ: নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো মন্ত্ৰীকে জি-২০ ইণ্ডিয়া মোবাইল এপ ডাউনলোড কৰিবলৈ পৰামৰ্শ দিয়ে । নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ জি-২০ সন্মিলনৰ পূর্বে মন্ত্রী পৰিষদৰ বৈঠকৰ পাছত প্রধানমন্ত্রী মোদীয়ে এই উপদেশ দিয়ে ৷ এই এপটোৱে মন্ত্রীসকলক বিদেশী প্রতিনিধিৰ সৈতে নিৰৱচ্ছিন্নভাৱে মত বিনিময় কৰাত সহায় কৰিব বুলি প্রধানমন্ত্রীয়ে আশা ব্যক্ত কৰে ৷

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ নেতাৰ সন্মিলনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ডিজিটেল মাইলৰ খুঁটি হিচাপে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ‘জি-২০ ইণ্ডিয়া’ নামৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰিছে । এই এপটোৱে ব্যৱহাৰকাৰীসকলক ইভেণ্ট সম্পৰ্কীয় তথ্যৰ বাবে এক বিস্তৃত, ইন্টাৰেক্টিভ গাইড প্ৰদান কৰে । এই প্লেটফৰ্মৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে জি-২০ ইণ্ডিয়া ২০২৩ ইভেণ্টৰ বাবে কেলেণ্ডাৰ, সম্পদ, সংবাদ মাধ্যম আৰু জি-২০ সম্পৰ্কীয় তথ্যৰ বিৱৰণ ।

‘জি-২০ ইণ্ডিয়া’ মোবাইল এপে ভাৰতৰ চলি থকা প্ৰযুক্তিগত উন্নতিত গুৰুত্ব দিছে আৰু বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ সুবিধাৰ বাবে ডিজিটেল সঁজুলিৰ লাভ উঠাবলৈ দেশক সহায় কৰিছে । ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিষয়াসকলৰ মতে, মঙলবাৰলৈকে বিশ্বজুৰি ১৫০০০ৰো অধিক মোবাইল এপ ডাউনলোড কৰা হৈছে । জি-২০ ইণ্ডিয়া মোবাইল এপটোৱে প্ৰতিনিধিসকলক জি-২০ দেশৰ সকলো ভাষাতে বিদেশী প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰাত সহায় কৰিব । চৰকাৰী বিষয়াসকলে আৰু কয় যে মোবাইলটোত এটা নেভিগেচন সুবিধা আছে যিয়ে বিদেশী প্ৰতিনিধিসকলক দেশৰ এঠাইৰ পৰা আনঠাইলৈ যোৱাত সহায় কৰিব ।

জি-২০ ইণ্ডিয়া এপৰ জৰিয়তে ভাৰতীয় মন্ত্ৰীসকলে বিদেশী প্ৰতিনিধিৰ সৈতে ভাষাৰ লগতে যোগাযোগৰ বাধাসমূহো অতিক্ৰম কৰিব পাৰিব । জি-২০ ইণ্ডিয়া মোবাইল এপত ২৪টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে, অহা ৯-১০ ছেপ্টেম্বৰলৈ নতুন দিল্লীত জি-২০ সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে ভাৰত । জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হ’ব বিশ্বৰ নেতাসকল । নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত অত্যাধুনিক ভাৰত মণ্ডপাম কনভেনচন চেণ্টাৰত আয়োজন কৰা হ’ব এই সন্মিলন । জি-২০ সন্মিলনৰ পূৰ্বে ভাৰত চৰকাৰে মুকলি কৰিছে জি-২০ ইণ্ডিয়া এপ । এই এপটোৱে ভাৰতৰ জি-২০ৰ অধ্যক্ষতা পৰ্যন্ত কাম কৰিব ।

লগতে পঢ়ক:Delhi G20 Summit : কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ বাবে আগতীয়া মেট্ৰো সেৱা বিচাৰিছে দিল্লী আৰক্ষী আয়ুক্তই

ABOUT THE AUTHOR

...view details