নেশ্যনেল ডেস্ক,১৩ আগষ্ট :স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মত থকা প্ৰ'ফাইল সলনি কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ অংশ হিচাপে প্ৰ'ফাইল ফটোত ৰাষ্ট্ৰীয় পতাকা ৰাখিছে । তদুপৰি, প্ৰধানমন্ত্ৰী মোডীয়ে নাগৰিকসকলকো তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টৰ ডিপি সলনি কৰি ত্ৰিৰংগা লগাই চৰকাৰৰ এই অনন্য প্ৰচেষ্টাক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইট যোগে কয়, #HarGharTiranga অভিযানৰ ভাৱনাৰে তেওঁ সামাজিক মাধ্যমৰ একাউণ্টৰ ডিপি সলনি কৰিছে আৰু এই অনন্য প্ৰচেষ্টাক সমৰ্থন জনাইছে যিয়ে আমাৰ দেশ আৰু আমাৰ মাজৰ সম্পৰ্ক গভীৰ কৰিব । ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ জনসাধাৰণকো এই বছৰ ১৩ ৰ পৰা ১৫ আগষ্টলৈ 'হৰ ঘৰ তিৰংগা' অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় পতাকা স্বাধীনতা আৰু ৰাষ্ট্ৰীয় ঐক্যৰ চেতনাৰ প্ৰতীক । সেয়ে 'হৰ ঘৰ ত্ৰিৰংগা' ৱেবছাইটত ত্ৰিৰংগাৰ সৈতে ফটো আপলোড কৰিবলৈ ৰাইজক তেওঁ আহ্বান জনায় । তেওঁ উল্লেখ কৰা মতে প্ৰতিগৰাকী ভাৰতীয়ৰ ত্ৰিৰংগাৰ সৈতে এক আৱেগিক সম্পৰ্ক আছে আৰু ই আমাক ৰাষ্ট্ৰীয় প্ৰগতিৰ বাবে অধিক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে ।
ইফালে, স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত দিল্লী আৰক্ষীয়ে সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে । ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চকী স্থাপন কৰিছে । যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰাৰ উদ্দেশ্যে প্ৰশাসনে বিশেষ পদক্ষেপ লৈছে । আনহাতে প্ৰতিবছৰৰ দৰে লাল কিল্লাত এইবাৰো স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । দেশৰ ভিন্ন প্ৰান্তত প্ৰায় ১,৮০০ বিশেষ অতিথিক এই কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :77th Independence Day: লাল কিল্লাত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি