নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ: মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কনিষ্ঠ ভাতৃ প্ৰহ্লাদ মোদীৰ বাহন পতিত হয় এক দুৰ্ঘটনাত (PM Modis Brother car met with an accident) ৷ কৰ্ণাটকৰ মহীশূৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত দুৰ্ঘটনাত আহত হয় প্ৰধানমন্ত্ৰীগৰাকীৰ ভাতৃ আৰু তেওঁৰ পৰিয়ালসহ কমেও পাঁচজন লোক ৷ এখন বেঞ্জ এছ ইউ ভি বাহনেৰে মহীশূৰৰ পৰা বান্দীপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Prahlad meets with car accident in Mysuru)।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত আছিল নৰেন্দ্ৰ মোডীৰ কনিষ্ঠ ভাতৃ প্ৰহ্লাদ মোডী (৭০), তেওঁৰ পুত্ৰ মেহুল প্ৰহ্লাদ মোদী (৪০), বোৱাৰী জিন্দাল মোদী (৩৫), নাতিনীয়েক মেনাট মেহুল মোদী (৬) আৰু চালক সত্যনাৰায়ণ (PM Modis Brother Injured in Mysuru Accident) । প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে বান্দীপুৰ অভিমুখে গৈ থকা অৱস্থাত কদাকোলাৰ সমীপত ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এছ ইউ ভি বাহনখনৰ সন্মুখৰ সোঁ চকাটো খুলি যোৱাৰ লগেত বাহনখনৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয় ।
পিছত আহতসকলক ততাতৈয়াকৈ মহীশূৰৰ জে এছ এছ হাস্পতালত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে অধিক আঘাতপ্ৰাপ্ত হৈছে প্ৰহ্লাদ মোডী(Prahlad damodar das) , বোৱাৰী আৰু নাতিনীয়েক ৷ প্ৰহ্লাদ মোডীয়ে মুখত, বোৱাৰীয়েকে মূৰত আৰু নাতিনীয়েকে ভৰিত আঘাত পাইছে । ইয়াৰ বিপৰীতে প্ৰহ্লাদ মোদীৰ পুত্ৰ তথা চালক সত্যনাৰায়ণো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে (PM Modis brother Prahlad Modi)।