নেশ্যনেল ডেস্ক, 5 ছেপ্তেম্বৰ : বিশ্বৰ 13 গৰাকী নেতাৰ ভিতৰত সৰ্বাধিক ৰেটিং পোৱা নেতা হিচাপে পৰিগণিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত মৰ্ণিং কনচাল্টৰ (Morning Consult) গ্ল’বেল লিডাৰ এপ্ৰ’ভেল ট্ৰেকাৰৰ (US-based global leader approval tracker) সমীক্ষাত পোহৰলৈ অহিছে এই তথ্য ৷
সাপ্তাহিক হিচাপত চলোৱা এই সমীক্ষাত সম্পন্ন কৰা হৈছিল যোৱা 2 ছেপ্তেম্বৰত ৷ প্ৰায় 70 শতাংশ লোকৰ মতে মোডী মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন, মেক্সিকান ৰাষ্ট্ৰপতি এণ্ড্ৰেছ মেনুৱেল ল’পেজ, ইটালিয়ান প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘী, জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ত্ৰুদ্যু, বৃটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন আৰু ব্ৰাজিলিয়ান ৰাষ্ট্ৰপতি জাইৰ ব’লজ’নাৰোৰ আগত ৷
আনকি এই সমীক্ষাত বিশেষকৈ আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ এপ্ৰ’ভেল ৰেটিং কেৱল 40 শতাংশলৈ হ্ৰাস হয় ৷
ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীত এই সমীক্ষাত কেৱল 25 শতাংশ লোকেহে অপছন্দ কৰিছে ৷ 2019ৰ আগষ্টত মোডীৰ এপ্ৰ’ভেল ৰেটিং আছিল 82 শতাংশ কিন্তু চলিত বৰ্ষৰ জুনত ই নিম্নগামী হৈ 66 শতাংশ হয় ৷ ইয়াৰ মাজতো তেওঁৰ ৰেটিং যোৱা কেইটামাহত যথেষ্ট উন্নত হয় বিশেষকৈ ভাৰতত ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ পিছতে সমগ্ৰ দেশতে ভেকচিন উপলব্ধ কৰোৱাৰ পিছত ৷
মৰ্ণিং কনচল্ট হ’ল এটা গ্ল’বেল ব্যক্তিগত ডাটা ইন্টিলিজেঞ্চ কোম্পানী (global, privately-held data intelligence) ৷ ই 2014 চনত প্ৰতিষ্ঠা হৈছিল ৷ 2018 আৰু 2019 চনত ডেলয়েটৰ দ্বাৰা ইয়াক উত্তৰ আমেৰিকাৰ দ্ৰুততম বিকাশশীল প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ ভিতৰত এটা হিচাপে নামাকৰণ কৰা হৈছিল ৷ ২০২১ চনৰ জুনত ইয়াৰ মূল্য এক বিলিয়ন ডলাৰতকৈও অধিক আছিল ।
কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত কোৱা হৈছে যে, "আধুনিক গোলকীয় নেতাসকলক অভূতপূৰ্ব পৰিৱৰ্তনৰ সময়ত বুদ্ধিমান সিদ্ধান্ত ল'বলৈ ব্ৰেণ্ড, অৰ্থনীতি আৰু ভূ-ৰাজনীতিৰ বিষয়ে মানুহে কি ভাবে তাৰ ওপৰত উন্নত দৈনিক বুদ্ধিমত্তাৰ প্ৰয়োজন ৷ এই পৃষ্ঠভূমিতে কোম্পানীটো প্ৰতিষ্ঠা কৰা হৈছে"৷
লগতে পঢ়ক :ভাৰতীয় ৰে’লে মুকলি কৰিলে 17 দিনীয়া ‘শ্ৰী ৰামায়ণ যাত্ৰা’