আগৰতলা, ২৯ অক্টোবৰ : ত্ৰিপুৰী বিধানসভা নিৰ্বাচন সমাগত । অহা বছৰ অনুষ্ঠিত হ'ব ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন । ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে । যিহেতু ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন ২০২৩ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে (Tripura Assembly election 2023) ।
সেয়ে ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ সঘন আহ-যাহ চলিছে ত্ৰিপুৰালৈ । বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডা (JP Nadda) তথা গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ৰাজ্যখন ভ্ৰমণ কৰি গৈছে । এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা আইএএছ অমিত খাৰে শুকুৰবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হৈছে (PM Modi advisor visit Tripura) । বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পিছত তেওঁ ৩০ অক্টোবৰত উভতি যাব ।
চৰকাৰৰ আণ্ডাৰ ছেক্ৰেটেৰী চন্দন দাসে স্বাক্ষৰ কৰা এক জাননীত কোৱা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আইএএছ অমিত খাৰে (Advisor to PM Narendra Modi Amit Khare) তেওঁৰ আন তিনিজন সঙ্গীৰ সৈতে শুকুৰবাৰে পুৱা ইয়াত এমবিবি বিমানবন্দৰত উপস্থিত হ'ব । প্ৰধানমন্ত্ৰীৰ উপদেষ্টাগৰাকীৰ নেতৃত্বত বিষয়াসকলৰ প্ৰতিনিধি দলটোৱে ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়, এনআইটি আগৰতলা আৰু ত্ৰিপুৰা সুন্দৰী মন্দিৰ (Tripura Sundari Temple) পৰিদৰ্শন কৰিব ।