নিউজ ডেস্ক, ২১ মে' :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে তেওঁৰ সফল জাপান ভ্ৰমণ সামৰি পাপুৱা নিউগিনিলৈ ৰাওনা হয় (PM Modi wraps up Japan visit) । "জাপানৰ এইটো এক ফলপ্ৰসূ ভ্ৰমণ । জি-৭ সন্মিলনৰ সময়ত বিশ্বৰ কেইবাজনো নেতাক সাক্ষাৎ কৰোঁ আৰু তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰোঁ (PM Modi attend G7 summit in Hiroshima) । প্ৰধানমন্ত্ৰী কিছিডা, জাপান চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ অভ্যৰ্থনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । কিছু সময়ৰ ভিতৰতে পাপুৱা নিউগিনিলৈ ৰাওনা হ'ম ।" প্ৰধানমন্ত্ৰী মোডীয়ে টুইটক কয় (PM Modi Papua New Guinea Visit) ।
আনহাতে, পোৰ্ট মৰেছবিত উপস্থিত হোৱাৰ পিছত পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেয়ে মোডীক আদৰণি জনাব (Papua New Guinea PM received Modi) । তাত তেওঁৰ বাবে এক আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে ১৯-২৪ মে'লৈকে জাপান, পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়া এই তিনিখন দেশৰ ছয়দিনীয়া ভ্ৰমণসূচীলৈ গৈছে ।
এই ভ্ৰমণত হিৰোছিমাত জি-৭ আৰু কোৱাড সন্মিলন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী এলবানিজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় (PM Modi attend Quad summits in Japan) । আনহাতে, পাপুৱা নিউগিনিত অনুষ্ঠিত 'ফ'ৰাম ফৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ কো-অপাৰেচন'ৰ (এফআইপিআইচি) তৃতীয় সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিব । "এক ফলপ্ৰসূ ভ্ৰমণৰ সামৰণি মাৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য অংশীদাৰসকলৰ সৈতে দুদিনীয়া দ্বিপাক্ষিক আৰু বহুপাক্ষিক বৈঠকৰ পিছত তেওঁৰ জাপান ভ্ৰমণৰ সামৰণি মাৰে । প্ৰধানমন্ত্ৰীয়ে এতিয়া তেওঁৰ ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পোৰ্ট মৰেছবিলৈ ৰাওনা হৈছে ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এক টুইটত কয় ।