নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহ সমাৰোহ সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বিশ্ব হিন্দু পৰিষদ আমেৰিকা আৰু কানাডাৰ প্ৰায় 100 টা সংগঠনৰ একত্ৰিত মঞ্চ য’ত হিন্দু ঐতিহ্য মাহৰ সমাপন সমাৰোহ উদযাপন কৰা হৈছে ৷
প্ৰধানমন্ত্ৰীয়ে পৰিষদলৈ লিখা চিঠিত উল্লেখ কৰিছে যে, এই সমাৰোহৰ জৰিয়তে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে নিজৰ মাতৃভূমিৰে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায় হ’ব ৷ তেওঁ লগতে লিখে, ‘আমাৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ সাৰ্বজনীনতাই সময়ৰ বাহিৰেও আমাক আকৰ্ষিত কৰে, যাৰ মূল হৈছে সকলো ধৰণৰ জীৱৰ কল্যাণ আৰু যত্ন । ইয়াৰ অন্তৰ্নিহিত বাৰ্তাই মানৱতাক দৈনন্দিন প্ৰত্যাহ্বানসমূহৰ সমাধানৰ পথ দেখুৱায় ৷’