নেশ্যনেল ডেস্ক, 31 জুলাই :সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গঠন হোৱা বিৰোধী মিত্ৰজোঁটে বিভিন্ন সময়ত বিভিন্ন ধৰণে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে শাসকীয় বিজেপি দলে ৷কিছুদিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক "ভাৰত ত্যাগ" অৰ্থাৎ বিৰোধী মিত্ৰজোট বৰ্জন কৰিবলৈ জনোৱা আহ্বান সন্দৰ্ভত আৰজেডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰা পৰিলক্ষিত হৈছে ৷
প্ৰধানমন্ত্ৰীৰ 'Quit India' মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নত ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বছৰ লোকসভা নিৰ্বাচনত পৰাস্ত হ’ব বুলি চিন্তিত হৈ বিদেশত আশ্ৰয় ল’বলৈ বিচাৰিছে বুলি উল্লেখ কৰা বুলি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বিৰোধীয়ে দুৰ্নীতি, নেপ’টিজম আৰু তুষ্টিকৰণৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে বিৰোধীক অৰ্থাৎ উমৈহতীয়া মিত্ৰ শক্তি I.N.D.I.A কঠোৰ সমালোচনা কৰিছিল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে কয় যে, মোদীয়ে সকলো এৰি এনে এখন ঠাইলৈ যাব বিচাৰিছে য'ত তেওঁ গোৰোহা ঠাণ্ডা কৰি ৰাখিব পাৰে আৰু পিজ্জা, মোমো আৰু চাউ মেইন উপভোগ কৰিব পাৰে ৷ সেইবাবেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ইমানবোৰ দেশ ভ্ৰমণ কৰিছে বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে ।