নিউজ ডেস্ক, ৩০ অক্টোবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ সোমবাৰে গুজৰাটৰ মেহছানা জিলাত ৫,৯৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পিচত তেওঁ এখন ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে মেহছানাৰ খেৰালু তালুকাৰ ডাভোদা গাঁৱলৈ ৰাওনা হ’ব ৷ ইয়াত তেওঁ বিভিন্ন প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে ৰাজহুৱা সভাখনত ভাষণ দিব ।
উল্লেখ্য় যে, দুদিনীয়া কাৰ্যসূচীৰে আজি গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ গুজৰাটত উপস্থিত হৈ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে বানাস্কান্ত জিলাৰ আম্বাজী মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ পাচত তেওঁ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ তেওঁ দিনৰ প্ৰায় ১২ বজাত মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷ পিছদিনা অৰ্থাৎ মঙলবাৰে পুৱা ৮ বজাত তেওঁ কেৱাদিয়াত 'ষ্টেচু অৱ ইউনিটি'ত শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ঐক্য দিৱস উদযাপন কৰা হ'ব ।