নেশ্যনেল ডেস্ক, ১৭ আগষ্ট: ২৪ আগষ্টৰ পৰা আৰম্ভ হ'ব ২০২০ বৰ্ষৰ টকিঅ' পেৰা অলিম্পিক গেমছ(Tokyo 2020 Paralympic Games)। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে(Ministry of Youth Affairs and Sports) প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতৰ ৫৪ গৰাকী খেলুৱৈয়ে পেৰা অলিম্পিক গেমছত অংশগ্ৰহণ কৰিব । এই খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব । ইতিমধ্যে টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে এই কথা জানিবলৈ দিছে ।
১৭ আগষ্টৰ পুৱা ১১ বজাত ভাৰতীয় দলটোৰ সৈতে বাৰ্তালাপ কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰে । লগতে তেওঁ খেলুৱৈসকলৰ দক্ষতাৰ কথা উল্লেখ কৰি তেওঁলোকৰ প্ৰশংসা কৰে । ক্ৰীড়াপ্ৰেমীসকলক এই অনুষ্ঠানটি উপভোগ কৰিবলৈ টুইটযোগে আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মুঠ ৯ বিধ ক্ৰীড়াৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰিব ভাৰতৰ ৫৪ গৰাকী খেলুৱৈয়ে ।