নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ :দিনজোৰা কাৰ্যসূচীৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ আগমনত আনন্দিত বাৰাণসীবাসী । যুৱক-যুৱতীসকলে তেওঁলোকৰ সাংসদ তথা দেশৰ প্ৰধানমন্ত্ৰীক হৰ-হৰ মহাদেৱৰ শ্ল'গানেৰে আদৰণি জনোৱা দেখা গৈছে । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীৰ জনসাধাৰণৰ বাবে কোটি কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰিব আৰু এই উপহাৰবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উপহাৰটো হৈছে গঞ্জাৰীত নিৰ্মাণ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম । যাৰ বাবে বাৰাণসী যুৱক-যুৱতী তথা খেলুৱৈসকলে ষ্টেডিয়ামৰ ফটো আৰু 'ধন্যবাদ মোডীজী' লিখা পোষ্টাৰেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনাইছে ।
প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে নৰেন্দ্ৰ মোডীৰ এয়া ৪২ সংখ্যক বাৰাণসী ভ্ৰমণ । যেতিয়াই প্ৰধানমন্ত্ৰী মোদী কাশীলৈ আহিছে তেওঁক কাশীৰ জনসাধাৰণৰ বাবে উপহাৰৰ টোপোলা লৈ অহা দেখা গৈছে । তেওঁৰ প্ৰতিটো ভ্ৰমণতে বাৰাণসীয়ে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প লাভ কৰিছে । শনিবাৰৰ এই ভ্ৰমণটোও বিশেষ হিচাপে পৰিগণিত হৈছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব । ষ্টেডিয়ামখন গঞ্জাৰীত নিৰ্মাণ কৰা হ'ব । যাক লৈ যুৱ আৰু খেলুৱৈসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে । প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে ধন্যবাদ জনোৱাৰ লগতে ইয়াক লৈ আনন্দ প্ৰকাশ কৰিছে ।