নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীৰ দুখন গাঁৱৰ দায়িত্ব গ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীগৰাকীৰ নতুন সাংসদ আদৰ্শ গাঁও হ'ব সেৱাপুৰী খণ্ডৰ বৰিয়াৰপুৰ আৰু আৰাজী লাইনৰ পৰহমপুৰ ।
শীঘ্ৰেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব । উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে বিগত বৰ্ষত আদৰ্শ গাঁও বাছনি কৰা হোৱা নাছিল । সেইবাবে ২ খন গাঁৱৰ দায়িত্ব গ্ৰহণ কৰা হ'ব আৰু উক্ত গাঁও দুখনৰ উন্নয়ন সাধন কৰা হ'ব ।
'সাংসদ আদৰ্শ গাঁও' আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে এই গাঁও দুখনৰ দায়িত্ব ল'ব । স্থানীয় পৰ্যায়ত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । অৱশ্যে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত কোনো অনুমতি পত্ৰ প্ৰেৰণ কৰা নাই ।