নেশ্যনেল ডেস্ক,২৫ জুন :দুদিনীয়া কাৰ্যসূচীৰে ইজিপ্ত ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ইজিপ্তৰ ৰাজধানী কাইৰোত হেলিঅ'পলিছ কমনৱেলথ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্ত আৰু পেলেষ্টাইনত সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে । আনহাতে তেওঁ ঐতিহাসিক আল-হাকিম মছজিদ পৰিদৰ্শন কৰে ।
উল্লেখ্য যে হেলিঅ'পলিছ (এডেন) স্মাৰকে কমনৱেলথ বাহিনীৰ ৬০০ ৰো অধিক লোকক স্মৰণ কৰে । যিসকলে প্ৰথম বিশ্বযুদ্ধৰ সময়ত এডেনৰ বাবে প্ৰাণ ত্যাগ কৰিছিল । কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনে হেলিঅ'পলিছ কমনৱেলথ ৱাৰ চিমেট্ৰি পৰিচালনা কৰে । কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ ৱেবছাইট অনুসৰি, কবৰস্থানত দ্বিতীয় বিশ্বযুদ্ধৰ ১,৭০০ কমনৱেলথ সমাধিৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কেইবাটাও কবৰ আছে ।
চুৱেজ খালৰ দক্ষিণ প্ৰান্তত অৱস্থিত, মূল পোৰ্ট টেওফিক স্মাৰকটো ১৯২৬ চনত স্থাপন কৰা হৈছিল । ছাৰ জন বাৰ্ণেটৰ দ্বাৰা ডিজাইন কৰা মূল স্মাৰকটো ১৯৬৭-১৯৭৩ চনৰ ইজৰাইল-ইজিপ্তীয় সংঘৰ্ষৰ সময়ত ক্ষতিগ্ৰস্ত হৈছিল আৰু অৱশেষত ধ্বংস কৰা হৈছিল । ১৯৮০ চনৰ অক্টোবৰ মাহত হেলিঅ'পলিছ কমনৱেলথ ৱাৰ গ্ৰেভ কবৰ স্থানত ইজিপ্তত ভাৰতীয় ৰাষ্ট্ৰদূতে শ্বহীদ ভাৰতীয় সৈনিকসকলৰ নাম থকা পেনেলৰ সৈতে এটা নতুন স্মাৰক উন্মোচন কৰে ।