অসম

assam

ETV Bharat / bharat

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

21 ডিচেম্বৰত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ন'য়েন চ'হান ফ'কৰ সৈতে আলোচনাত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ উক্ত আলোচনাত ভাৰত-ভিয়েটনামৰ পাৰস্পৰিক সম্পৰ্ক সন্দৰ্ভত মত বিনিময় কৰিব দুয়োজন ৰাষ্ট্ৰপ্ৰধানে ৷

pm-modi-vietnamese-counterpart-to-hold-virtual-summit-on-monday-discuss-comprehensive-strategic-partnership
ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

By

Published : Dec 19, 2020, 9:52 AM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰ :ভাৰত-ভিয়েটনামৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ 21 ডিচেম্বৰত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ন'য়েন চ'হান ফ'কৰ সৈতে আলোচনাত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভবিষ্যতৰ বিকাশৰ ধাৰা সন্দৰ্ভত কৌশলগত আলোচনাত বঢ়িব দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰা হৈছে ৷ উক্ত বিবৃতিত উল্লেখ কৰা অনুসৰি, আলোচনাত ভাৰত-ভিয়েটনামৰ পাৰস্পৰিক সম্পৰ্ক সন্দৰ্ভত মত বিনিময় কৰিব দুয়োজন ৰাষ্ট্ৰপ্ৰধানে ৷

উল্লেখ্য যে, উন্নয়নশীল অৰ্থনীতিৰ গতি নিধাৰণ তথা বাণিজ্যিক ক্ষেত্ৰত বিগত সময়ত সু-সম্পৰ্ক বজাই ৰাখিছে দুয়োখন দেশে ৷ তদুপৰি ক'ভিড-19 ৰ ভয়াবহতা সন্দৰ্ভতো 13 এপ্ৰিলত এক টেলিফোন বাৰ্তালাপত মত বিনিময় কৰিছিল দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে ৷

লগতে পঢ়ক:খোৱাঙত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

ABOUT THE AUTHOR

...view details