নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : বুধবাৰে পুৱাই তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীক সংগ দিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (NSS) অজিত ডোভালৰ লগতে এটি উচ্চস্তৰীয় প্ৰতিনিধিৰ দল ৷ বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংলাই মঙলবাৰে এক সংবাদমেলযোগে প্ৰধানমন্ত্ৰী এই ভ্ৰমণৰ কথা জানিবলৈ দিছিল ৷
বৈদেশিক সচিব শৃংলাই সংবাদমেলত কৈছিল, তিনিদিনীয়া এই ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বি-পাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ‘কেৱাড’ৰ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব ৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা’(UNGA)ৰ বৈঠক সম্বোধন কৰিব ৷
ভ্ৰমণৰ প্ৰথমটো দিনতে প্ৰধানমন্ত্ৰীয়ে জ’ বাইডেনৰ দ্বাৰা আয়োজিত ক’ভিড-19 বৈশ্বিক শিখৰ সন্মিলনত ভাগ ল’ব ৷ 24 ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দ্বি-পাক্ষিক বৈঠকত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব ৷ এই বৈঠকত দুয়ো দেশৰ মাজত গ্ল’বেল পাৰ্টনাৰশ্বিপক আগুৱাই নিয়া, ব্যৱসায়, সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ দিশটো মজবুত কৰা সন্দৰ্ভত আলোচনা কৰিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক :নিষিদ্ধ হোৱাৰ দিশে অনলাইন গেম