অসম

assam

By

Published : Jun 23, 2023, 2:15 PM IST

ETV Bharat / bharat

PM Modi in US congress : আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশন সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰি বৰ্ধিত সন্ত্ৰাসবাদৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰে । ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ পটভূমিত তেওঁ সকলোকে শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায় ।

PM Modi in US congress
আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশন সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২৩ জুন :"এয়া যুদ্ধৰ যুগ নহয়, আলোচনা আৰু কূটনীতিৰ যুগ ।" আমেৰিকাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘৰ্ষ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । যুদ্ধ বা হিংসা পৰিহাৰ কৰি সকলোৱে মানুহৰ দুখ-কষ্ট বন্ধ কৰিবলৈ যি লাগে সেয়া কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান মোডীয়ে বৰ্ধিত সন্ত্ৰাসবাদ সম্পৰ্কেও উদ্বেগ প্ৰকাশ কৰে ।

কংগ্ৰেছৰ যুটীয়া অধিৱেশনত মোডী ধ্বংনিৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইবছৰমানত কৃত্ৰিম বুদ্ধিমত্তা যথেষ্ট অগ্ৰগতি হৈছে । কিন্তু একে সময়তে আন এক এআই অৰ্থাৎ ইণ্ডো-আমেৰিকা সম্পৰ্কতো গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে । তেওঁ কয় যে দুয়োখন দেশৰ সহযোগিতাৰ পৰিসৰ অন্তহীন, সমন্বয়ৰ সামৰ্থ্য সীমাহীন আৰু সম্পৰ্কও সৰল ।

প্ৰায় এক ঘণ্টা জোৰা ভাষণত মোডীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু ভাৰত হৈছে সৰ্ববৃহৎ গণতন্ত্ৰ । সেয়েহে দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে ভাল । তেওঁ কয় যে বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত আৰু ভৱিষ্যতৰ বাবে এক উন্নত পৃথিৱীৰ বাবে এই অংশীদাৰিত্ব গুৰুত্বপূৰ্ণ ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে এয়া যুদ্ধৰ যুগ নহয় আলোচনা আৰু কূটনীতিৰ যুগ । সেয়ে সকলোকে ইয়াক পৰিহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় । ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰৰ প্ৰতি সন্মান, বিবাদৰ শান্তিপূৰ্ণ সমাধান, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি সন্মানৰ ওপৰত আধাৰিত হ'ব লাগে । তেওঁ লগতে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ স্থিৰতা দুয়োখন দেশৰ অংশীদাৰিত্বৰ অন্যতম কেন্দ্ৰীয় উদ্বেগ হৈ পৰিছে আৰু দুয়োখন দেশৰ মাজত এক মুক্ত আৰু স্বতন্ত্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰৰ দৃষ্টিভংগীও আছে ।

সন্ত্ৰাসবাদৰ বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত ৯/১১ ৰ আক্ৰমণৰ দুই দশকৰো অধিক সময়ৰ পাছত আৰু ২৬/১১ ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতো সমগ্ৰ বিশ্ব সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বাবে ভাবুকি হৈ আছে । সন্ত্ৰাসবাদ হৈছে মানৱতাৰ শত্ৰু আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰি বুলিও তেওঁ কয় । সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা আৰু আশ্ৰয় দিয়া সকলো শক্তিক পৰাস্ত কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ।

ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোডী ২১ ৰ পৰা ২৪ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক ভ্ৰমণলৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যেতিয়া পৃথিৱীখন সলনি হৈছে, তেতিয়া আমাৰ প্ৰতিষ্ঠানসমূহো সলনি হ'ব লাগিব । প্ৰধানমন্ত্ৰী মোডীৰ মতে আমেৰিকাই সমগ্ৰ বিশ্বৰ লোকসকলক আঁকোৱালি লৈছে আৰু তেওঁলোকক আমেৰিকাৰ সপোনত সমান অংশীদাৰ কৰি তুলিছে । তেওঁ এই ক্ষেত্ৰত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক :PM Modi US visit : গোলকীয় কৌশলগত অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ভাৰত আৰু আমেৰিকা

ABOUT THE AUTHOR

...view details