অসম

assam

ETV Bharat / bharat

Covid Vaccines : জনসাধাৰণক কোভিডৰ প্ৰতিৰোধক পালি ল'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ - Shrimad Rajchandra Hospital

গুজৰাটৰ ভালচাড জিলাৰ ধৰমপুৰত ২৫০ বিছনাযুক্ত মাল্টি স্পেচিয়েলিটি হস্পিটেলকে ধৰি শ্ৰীমদ ৰাজচন্দ্ৰ মিছনৰ বিভিন্ন প্ৰকল্পৰ ভিডিঅ' লিংকৰ জৰিয়তে উদ্বোধন কৰাৰ পিছত (PM Modi inaugurated Shrimad Rajchandra Mission Project) প্ৰধানমন্ত্ৰীয়ে এই আবেদন জনায় ।

Modi
Modi

By

Published : Aug 5, 2022, 1:49 PM IST

নিউজ ডেস্ক, ৫ আগষ্ট :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে দেশত ভাইৰেল সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়ত কোভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধক বা ভেকছিনৰ বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায় (PM Modi urged people to take precaution vaccines) ।

তেওঁ ভিডিঅ' লিংকৰ জৰিয়তে গুজৰাটৰ ভালচাড জিলাৰ ধৰমপুৰত ২৫০ বিছনাযুক্ত মাল্টি স্পেচিয়েলিটি হস্পিটেলকে ধৰি শ্ৰীমদ ৰাজচন্দ্ৰ মিছনৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ পিছত এই আবেদন জনায় । "মই ইয়াত উপস্থিত সকলোকে কোভিড-19 ভেকছিনৰ প্ৰতিৰোধক পালি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ (booster dose of vaccines against COVID 19)। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত চৰকাৰে ৭৫ দিনৰ বাবে বিনামূলীয়া ভেকছিনৰ পালি দিয়াৰ অভিযান আৰম্ভ কৰিছে ।" মোডীয়ে এক বিশাল সমাবেশ সম্বোধন কৰি এনেদৰে কয় ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "আমি নিশ্চিত কৰা উচিত যে আমাৰ পৰিয়াল আৰু আমাৰ এলেকা বা গাঁৱৰ সকলোৱে যেন প্ৰতিৰোধক পালি গ্ৰহণ কৰে ।" উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ পৰা এই আবেদন এনে সময়ত আহিছে, য'ত যোৱা কেইদিনমানত দেশৰ বিভিন্ন প্ৰান্তত নতুন কৰোনা ভাইৰাছৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । মোডীয়ে তেওঁৰ ভাষণত লগতে কয় যে চিকিৎসালয়ৰ প্ৰকল্পটোৱে মহিলা আৰু সমাজৰ অন্যান্য দৰিদ্র শ্ৰেণীৰ বাবে যথেষ্ট পৰিমাণৰ সেৱা প্ৰদান কৰিব বুলি প্ৰমাণিত হ'ব ।

এই মিছনৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি তেওঁ ইয়াৰ সেৱাৰ ৰেকৰ্ডৰ প্ৰশংসা কৰে আৰু কয় যে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) সময়ত এই কৰ্তব্যৰ মনোভাব সময়ৰ প্ৰয়োজন । প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গ্ৰাম্য স্বাস্থ্যৰ ক্ষেত্ৰত মিছনৰ কামৰ প্ৰশংসা কৰে । "এই চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰই সুলভ মানদণ্ডৰ স্বাস্থ্যসেৱা সকলোৰে বাবে উপলব্ধ কৰি তুলিব । ই 'অমৃত কাল'ত স্বাস্থ্যৱান ভাৰতৰ দৃষ্টিভংগীক শক্তি প্ৰদান কৰিব । ইয়াৰ ফলত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত 'সবকা প্ৰয়াস'ৰ (সকলোৰে প্ৰচেষ্টা) মনোভাবো শক্তিশালী হয় ।" মোদীয়ে লগতে কয় ।

আজাদী কা অমৃত মহোৎসৱত, দেশখনে ভাৰতক দাসত্বৰ পৰা উলিয়াই অনাৰ প্ৰচেষ্টা কৰা সন্তানসকলক স্মৰণ কৰি আছে । শ্ৰীমদ ৰাজচন্দ্ৰজী এনে এজন সাধু আছিল যাৰ মহান অৱদান এই দেশৰ ইতিহাসৰ অংশ । তেওঁ লগতে এনেদৰে কয় । প্ৰধানমন্ত্ৰীয়ে শ্ৰীমদ ৰাজচন্দ্ৰজীৰ প্ৰতি মহাত্মা গান্ধীৰ প্ৰশংসাৰ কথাও উল্লেখ কৰে (Mahatma Gandhis admiration for Shrimad Rajchandra ji) ।

উল্লেখ্য, শ্ৰীমদ ৰাজচন্দ্ৰ (1867-1901) এজন জৈন কবি, ৰহস্যবাদী, দাৰ্শনিক, পণ্ডিত আৰু সংস্কাৰক আছিল ।

ভাৰতে আজি অনুসৰণ কৰি থকা স্বাস্থ্য নীতিয়ে প্ৰতিটো জীৱৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰে আৰু দেশখনে কেৱল মানুহৰ বাবেই নহয়, জন্তুৰ বাবেও দেশজুৰি টীকাকৰণ অভিযান চলাই আছে (Health policy of India) । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় । কেন্দ্ৰীয় চৰকাৰে আমাৰ 'ভগ্নী আৰু কন্যাসকলৰ' প্ৰগতিৰ পথত বাধা হৈ থকা প্ৰতিটো বাধা আঁতৰাবলৈ চেষ্টা কৰি আছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয় ।

উল্লেখ্য, প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্ৰীমদ ৰাজচন্দ্ৰ চিকিৎসালয়ে (Shrimad Rajchandra Hospital) বিশ্বমানৰ স্তৰৰ চিকিৎসা সুবিধা প্ৰদান কৰিব, বিশেষকৈ দক্ষিণ গুজৰাট অঞ্চলৰ লোকসকলক । এই কথা প্ৰকাশ কৰিছে মিছনৰ বিষয়াসকলে । আনহাতে, মোডীয়ে শ্ৰীমদ ৰাজচন্দ্ৰ পশু চিকিৎসালয় আৰু শ্ৰীমাদ ৰাজচন্দ্ৰ চেণ্টাৰ অফ এক্সেলেন্স ফৰ উইমেনৰ আধাৰশিলাও স্থাপন কৰে ।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল (Gujarat Chief Minister Bhupendra Patel) আৰু ৰাজ্যিক বিজেপিৰ সভাপতি চি আৰ পাটিলো অনুষ্ঠানস্থলীত উপস্থিত থাকে ।

লগতে পঢ়ক :India records new Covid cases: ভাৰতত ক’ভিডত আক্ৰান্ত হৈ নতুনকৈ 70 গৰাকীৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details