নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী :২১ ফেব্ৰুৱাৰীত দেশজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাতৃভাষা সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে । 'মন কি বাত' অনুষ্ঠানৰ (86th Episode of Mann Ki Baat) জৰিয়তে দেশবাসীক সম্বোধন কৰি মাতৃভাষা সম্পৰ্কে উল্লেখ্যযোগ্য মন্তব্য আগবঢ়ায় প্ৰধানমন্ত্ৰী মোডীয়ে । তেওঁৰ মতে দেশৰ প্ৰতিগৰাকী নাগৰিকে গৌৰৱেৰে মাতৃভাষা ক'ব লাগে (Modi urges people to speak their mother tongue) ।
প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, তামিল হৈছে বিশ্বৰ অন্যতম পুৰণি ভাষা । ২০১৯ চনত হিন্দী ভাষাই বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ভাষা হিচাপে স্বীকৃতি পাইছিল । ভাষাৰ ক্ষেত্ৰত ভাৰত যথেষ্ট সমৃদ্ধিশালী এখন দেশ, যাৰ সৈতে কাৰোৰে তুলনা নহয় বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে ।
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, কচ্ছৰ পৰা ক’হিমালৈকে শ শ ভাষা, হাজাৰ হাজাৰ উপভাষা আছে, যিবোৰ ইটোৱে সিটোৰ পৰা পৃথক যদিও পাৰস্পৰিকভাৱে একত্ৰিত । বছৰ বছৰ ধৰি ভাষাবোৰ ইজনে-সিজনৰ পৰা শিকাৰ লগতে ইয়াৰ বিকাশ আৰু উন্নয়নত গুৰুত্ব দি আহিছে ।
মাতৃভাষা দিৱসৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, মাতৃ আৰু মাতৃভাষা দুয়োটাই জীৱন গঢ়াৰ অন্যতম সম্পদ (PM compares mother tongue with mother) । যেনেদৰে আমি আমাৰ মাতৃক এৰিব নোৱাৰোঁ, ঠিক তেনেদৰে আমি আমাৰ মাতৃভাষাও এৰিব নোৱাৰো ।