নিউজ ডেস্ক,৭ মাৰ্চ:দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি আঁচনি ৰূপায়ণ কৰিছিল । এই আঁচনিৰ অধীনত ইতিমধ্যে দেশত ৭৫০০ খন জনৌষধি কেন্দ্ৰ স্থাপন কৰা হৈছে । য'ত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে আন বজাৰতকৈ ৫০ৰ পৰা ৯০ শতাংশ পৰ্যন্ত কম মূল্যত ঔষধ ক্ৰয় কৰিবলৈ সক্ষম হৈছে । দেশৰ সকলো জিলাই এই আঁচনিৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছে । তথ্য অনুসৰি জনৌষধি কেন্দ্ৰ সমূহৰ ফলত ২০২০-২১ বিত্তীয় বৰ্ষত সাধাৰণ নাগৰিকে ৩,৬০০ কোটি টকা সঞ্চয় কৰিব পাৰিছে । জনৌষধি সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ১ মাৰ্চৰ পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে 'জনৌষধি সপ্তাহ' আয়োজন কৰা হৈছে । 'জনৌষধি- সেৱা ভি, ৰোজগাৰ ভি' শীৰ্ষক থীম লৈ উদযাপন কৰা হৈছে এই 'জনৌষধি সপ্তাহ'ৰ ।
এই'জনৌষধি সপ্তাহ'ৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জনৌষধি কেন্দ্ৰৰ পৰা সুলভ মূল্যত ঔষধ ক্ৰয় কৰিবলৈ জন সাধাৰণক আহ্বান জনায় । জনৌষধি দিৱস উদযাপনৰ মাজতে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰা সময়ত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনাই ৰাইজক ।