নেশ্যনেল ডেস্ক , ৭ অক্টোবৰ: বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে দেশবাসীলৈ ৩৫টা প্ৰেচাৰ চুইং এডচৰ্পচন অক্সিজেন প্ৰকল্প(Pressure Swing Adsorption oxygen plants) উৎসৰ্গা কৰিব । বৃহস্পতিবাৰে উত্তৰাখণ্ডত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঋষিকেশস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(All India Institute of Medical Sciences)ত আয়োজিত এক অনুষ্ঠানত এই অক্সিজেন প্ৰকল্প উদ্বোধন কৰিব ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে । ইফালে, প্ৰধানমন্ত্ৰীগৰাকীয়ে অক্সিজেন প্ৰকল্পসমূহক "গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা আন্তঃগাঁথনি" বুলি অভিহিত কৰে আৰু এই পদক্ষেপ জনসাধাৰণৰ বাবে লাভজনক হ'ব বুলি তেওঁ উল্লেখ কৰে । ৭ অক্টোবৰত দেৱভূমি উত্তৰাখণ্ডত তেওঁ উপস্থিত থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰে ।
উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বৃহস্পতিবাৰে মুঠ ৩৫টা প্ৰেচাৰ চুইং এডচৰ্পচন অক্সিজেন প্ৰকল্প শুভাৰম্ভণি কৰা হ'ব । এই উপলক্ষে ঋষিকেশস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(All India Institute of Medical Sciences)ত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি বৃহস্পতিবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে অক্সিজেন প্ৰকল্প উদ্বোধন কৰিব ।
এই অনুষ্ঠানত উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং(Gurmit Singh), মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী(Pushkar Singh Dhami ) আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়া(Mansukh Mandaviya)ও উপস্থিত থাকিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, এই ৩৫ টা অক্সিজেন প্ৰকল্পৰ লগতে এতিয়া দেশৰ সকলো জিলাতে পি এছ এ অক্সিজেন প্ৰকল্প আৰম্ভ কৰিব । ৭ হাজাৰৰো অধিক কৰ্মচাৰীক প্ৰশিক্ষণ দি এই প্ৰকল্পবোৰৰ সঞ্চালন আৰু তত্বাৱধানৰ দায়িত্ব দিয়া হৈছে ।
লগতে পঢ়ক:নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন : উপস্থিত থাকিব নিৰ্মলা সীতাৰমণ