অসম

assam

ETV Bharat / bharat

PM Modi will visit UAE : ২৮ জুনত প্ৰধানমন্ত্ৰী মোডীৰ আৰৱ ভ্ৰমণ - ২৮ জুনত প্ৰধানমন্ত্ৰী মোডীৰ আৰৱ ভ্ৰমণ

জাৰ্মানীত অনুষ্ঠিত হ'বলগীয়া G-7 বৈঠকত অংশগ্ৰহণ কৰাৰ পাছতে আৰৱ অভিমুখে ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী (PM Modi will visit UAE next week)। আৰৱৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । নতুন ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতেও বৈঠকত মিলিত হ'ব মোডী ।

PM Modi will visit UAE
২৮ জুনত প্ৰধানমন্ত্ৰী মোডীৰ আৰৱ ভ্ৰমণ

By

Published : Jun 24, 2022, 7:55 PM IST

নেশ্যনেল ডেস্ক,২৪ জুন :অহা ২৮ জুনত আৰৱলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi will visit UAE on June 28)। জাৰ্মানীত অনুষ্ঠিত হ'বলগীয়া G-7 বৈঠকত (PM Modi to attend G7 Summit in Germany) অংশগ্ৰহণ কৰাৰ পাছতে তেওঁ আৰৱলৈ ৰাওনা হ‘ব । আৰৱৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত ব্যক্তিগতভাৱে সমবেদনা জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

বৈদেশিক সচিব বিনয় কোৱাত্ৰাই শুকুৰবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে জি-৭ সন্মিলনত ভাৰতৰ নিয়মীয়া অংশগ্ৰহণে বিশ্বই সন্মুখীন হৈ থকা প্ৰত্যাহ্বান, বিশেষকৈ গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ বাবে ভাৰতৰ সকলো ধৰণৰ প্ৰচেষ্টাৰ স্পষ্ট ইংগিত প্ৰদান কৰে । বৈদেশিক সচিবগৰাকীয়ে উল্লেখ কৰা মতে সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আৰৱ অভিমুখে ৰাওনা হ'ব ।

মোডীয়ে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক প্ৰয়াত শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । একে সময়তে আৰৱ যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসক হিচাপে নিৰ্বাচিত শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

লগতে পঢ়ক :গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষ: নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details