নিউজ ডেস্ক, 25 অক্টোবৰ :বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই সময়ছোৱাত তেওঁ শিৰদিৰ শ্ৰী সাইবাবা মন্দিৰত প্ৰাৰ্থনা কৰিব ৷ এই তথ্য প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিছে ৷ লগতে গোৱা ভ্ৰমণো কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইফালে গোৱাত অনুষ্ঠিত হ’বলগীয়া 37 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াও উদ্বোধন কৰিব তেওঁ ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া তথ্য অনুসৰি তেওঁ ভক্তসকলে দৰ্শনৰ বাবে শাৰী পাতি থিয় হ’ব পৰাকৈ মন্দিৰ চৌহদত নিৰ্মাণ কৰা নতুন স্থানসমূহো উদ্বোধন কৰিব ৷ মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত প্ৰায় 7,500 কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৷ গোৱাৰ মাৰ্গাওৰ পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত 37 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁ খেলসমূহত অংশগ্ৰহণ কৰা খেলুৱৈসকলকো সম্বোধন কৰিব ৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিনৰ প্ৰায় 1 বজাত আহমেদ নগৰ জিলাৰ শিৰদিত উপস্থিত হ’ব ৷ ইয়াত তেওঁ শ্ৰী সাইবাবা সমাধি মন্দিৰত প্ৰাৰ্থনা কৰিব ৷ তেওঁ মন্দিৰত নতুন দৰ্শন শাৰী উদ্বোধন কৰিব ৷ ইয়াত আধুনিক অট্টালিকা এটা আছে ৷ ইয়াত ভক্তসকলৰ বাবে আৰামদায়ক অপেক্ষা কক্ষৰ সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে ৷