অসম

assam

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 3:08 PM IST

ETV Bharat / bharat

PM Modi to visit ISRO : ২৬ আগষ্টত ইছৰোৰ কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰী মোদী; অভিনন্দন জনাব বিজ্ঞানীসকলক

বৰ্তমান দক্ষিণ আফ্ৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তাৰ পৰাই চন্দ্ৰযান-৩-ৰ মসৃণ অৱতৰণ প্ৰত্যক্ষ কৰে । তাৰ পৰায়ে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰে আৰু ইছৰো দলটোকো অভিনন্দন জনায় ।

PM Modi to visit ISRO
PM Modi to visit ISRO

নিউজ ডেস্ক, ২৪ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বেংগালুৰুত উপস্থিত হৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) বিজ্ঞানী আৰু ইছৰো দলক অভিনন্দন জনাব । এক সূত্ৰত এই কথা প্ৰকাশ । চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বাবে তেওঁ ইতিমধ্যে ফোনযোগে বিজ্ঞানীসকলক অভিনন্দন জনাইছে । উল্লেখ্য যে ভাৰতৰ চন্দ্ৰ অভিযানৰ সফলতাই ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

বৰ্তমান দক্ষিণ আফ্ৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তাৰ পৰাই চন্দ্ৰযান-৩-ৰ মসৃণ অৱতৰণ প্ৰত্যক্ষ কৰে । তাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰে আৰু ইছৰো দলটোকো অভিনন্দন জনায় ।

জানিব পৰা মতে, বিদেশৰ পৰা উভতি অহাৰ পিছত মোদী ইছৰোৰ কাৰ্যালয়লৈ যাব আৰু বিজ্ঞানীসকলক অভিনন্দন জনাব । তাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ আগষ্টৰ পুৱা ৬ বজাত বেংগালুৰুৰ এইচএএলত উপস্থিত হ'ব । পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ৬.৩৫ বজাত ৰাস্তাৰে ৰাওনা হ'ব আৰু পুৱা ৭ বজাত পিনিয়াৰ আইএছটিআৰএচি কেন্দ্ৰত (ISTRAC center) উপস্থিত হ'ব । তাত তেওঁ পুৱা ৭ বজাৰ পৰা ৮ বজালৈ ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব । তাৰ পৰা প্ৰধানমন্ত্ৰীয়ে পুৱা ৮.০৫ বজাত ৰাওনা হ'ব আৰু ৮.৩৫ বজাত বেংগালুৰুৰ এইচএএলৰ পৰা দিল্লীলৈ উভতি আহিব ।

প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব ইছৰোৰ কাৰ্যালয়

উল্লেখ্য যে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বুধবাৰে সন্ধিয়া ইছৰোৰ কাৰ্যালয়লৈ যায় আৰু চন্দ্ৰযান-৩ প্ৰকল্পৰ সফলতাৰ বাবে ইছৰোৰ মুৰব্বী এছ সোমনাথ আৰু বিজ্ঞানীৰ দলটোক অভিনন্দন জনায় । ইছৰোৰ মুৰব্বী সোমনাথ, ইউআৰ ৰাও মহাকাশ কেন্দ্ৰৰ সঞ্চালক শংকৰণ, প্ৰকল্প সঞ্চালক বীৰামুথু, সহকাৰী প্ৰকল্প সঞ্চালক কল্পনা, যন্ত্ৰ ৰক্ষণাবেক্ষণ সঞ্চালক শ্ৰীকান্ত আৰু অন্যান্য বিজ্ঞানীসকলক ডি কে শিৱকুমাৰে মহীশূৰ পেটা, শ্বল আৰু মালা প্ৰদান কৰি সম্বৰ্ধনা জনায় ।

আনহাতে, ডি কে শিৱকুমাৰে সোমনাথৰ প্ৰশংসা কৰি কয়, "বিক্ৰমক চন্দ্ৰত সফলতাৰে অৱতৰণ কৰোৱাৰ আপোনাৰ কৃতিত্ব প্ৰশংসনীয় । আপুনি ভাৰতৰ গৌৰৱ ।" ইয়াৰ উপৰি শিৱকুমাৰে চন্দ্ৰযান-৩ প্ৰকল্পৰ বিষয়ে চমু তথ্যও লাভ কৰে আৰু বিজ্ঞানীসকলৰ মাজত আনন্দৰ মুহূৰ্ত কটায় । তেওঁ কয় যে সমগ্ৰ দেশে আশা কৰা চন্দ্ৰযান-৩ প্ৰকল্পৰ সফলতা উপলক্ষে প্ৰকল্পটোৰ বাবে কঠোৰ পৰিশ্ৰম কৰা ইছৰোৰ সকলো বিজ্ঞানী আৰু কৰ্মচাৰীৰ প্ৰচেষ্টা অবিস্মৰণীয় ।

লগতে পঢ়ক :Chandrayaan 3 Lunar mission : বিক্ৰম লেণ্ডাৰৰ পৰা অৱতৰণ ৰ’ভাৰৰ; চন্দ্ৰত খোজকাঢ়িছে প্ৰজ্ঞানে

ABOUT THE AUTHOR

...view details