নেশ্যনেল ডেস্ক,১০ মাৰ্চ: পাচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰধামন্ত্ৰী মোদীৰ ভ্ৰমণসূচী সদৰি কৰিছে । ১১ আৰু ১২ মাৰ্চত গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে গুজৰাট BJP য়ে । গুজৰাট BJP ৰ ৰাজ্যিক সভাপতি CR পাটিলে (BJP state president CR Patil)জনাই যে আহমেদাবাদ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু কৰা হৈছে এক বিশাল ৰেলী । য'ত ৪ লাখৰো অধিক লোকৰ উপস্থিতিৰ আশা কৰা হৈছে ।
প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাবলৈ বিভিন্ন সংগঠন, গোট, আৱাসী, আৰু শুভাকাক্ষী তথা কৰ্মীসকল ৰোড শ্ব'ত উপস্থিত থাকিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ১১ মাৰ্চৰ সন্ধিয়া গুজৰাট পঞ্চায় মহাসন্মিলনত অংশগ্ৰহণ কৰি জনতাক সম্বোধন কৰিব । অনুষ্ঠানটোতে ১১সংখ্যক "খেল মহাকুম্ভ" মুকলি কৰাৰ কথা ঘোষণা কৰিব ।
"গুজৰাট পঞ্চায়ত মহাসন্মিলনঃ আপনু গাম আপনু গৌৰৱ" কাৰ্যসূচী ১১ মাৰ্চৰ সন্ধিয়া আহমেদাবাদৰ GMDC গ্ৰাউণ্ডত অনুস্থিত হ'ব । য'ত তালুকা পঞ্চায়ত, জিলা পঞ্চায়ত, নগৰ পালিকা আৰু মহানগৰ পালিকাৰ কাৰ্যবাহী বিষয়াসকলক নিয়োগ কৰা হ'ব । পাটিলে প্ৰকাশ কৰা তথ্য অনুসৰি গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ চৰ্দাৰ পেটে ষ্টেডিয়ামত(Sardar Patel Stadium in Ahmedabad) একাদশ খেল মহাকুম্ভৰ মুখ্য উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
'খেল মহাকুম্ভ' কি(What is Khel Mahakumbha) ?