নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ১২.৩০ বজাত জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বেৰ জী মহাৰাজৰ ১৫১ সংখ্যক জন্মজয়ন্তী উপলক্ষে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 'শান্তি প্ৰতিমা' উন্মোচন কৰে । তামক মুখ্য ধাতু হিচাপ লৈ অষ্টধাতুৰে নিৰ্মিত ১৫১ ইঞ্চি ওখ প্ৰতিমা উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । ৰাজস্থানৰ পালিৰ জেতপুৰাত থকা বিজয় বল্লভ সাধনা কেন্দ্ৰত এই প্ৰতিমা স্থাপন কৰা হৈছে ।
ৰাজস্থানত 'শান্তি প্ৰতিমা' উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ - 'শান্তি প্ৰতিমা'
ৰাজস্থানৰ পালিত জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বেৰ জী মহাৰাজৰ জন্মজয়ন্তী উপলক্ষে 'শান্তি প্ৰতিমা' উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ৰাজস্থানত 'শান্তি প্ৰতিমা' উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
১৮৭০ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল শ্ৰী বিজয় বল্লভ সুৰিশ্বেৰ জী মহাৰাজে । নিষ্ঠাৰে জৈন ধৰ্মৰ প্ৰচাৰ কৰি মহাবীৰ জৈনৰ বাণী বিলাই দিছিল ভক্তৰ মাজত । ৰাইজৰ কল্যাণ, শিক্ষাৰ প্ৰচাৰ, সামাজিক কু-প্ৰথা আঁতৰ কৰাৰ বাবে জীৱন উছৰ্গা কৰিছিল মহাৰাজে । প্ৰেৰণামূলক কবিতা, প্ৰবন্ধ, ভক্তিমূলক গীত ৰচনা কৰাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু স্বদেশী বস্তুৰ ব্যৱহাৰৰ বাবে ৰাইজৰ মাজত সজগতা অনাৰ প্ৰয়াস কৰিছিল তেওঁ । ১৯৫৪ চনত তেওঁ ইহলীলা সম্বৰণ কৰে ।
লগতে পঢ়ক:তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত এজন